বন্ধাকবি খাওক আৰু এইসমূহ ৰোগৰ পৰা দূৰত থাকক 

How to Cut Cabbage Culinary Hill 7

মেদবহুলতা ৰোধী

★মেদবহুলতা কমাব খোজা লোকৰ বাবে বন্ধাকবি উপকাৰী। একাপ বন্ধাকবিত মাত্ৰ ২২ কেলৰিহে থাকে। সেয়ে পেট ভৰাই খালেও বন্ধাকবিৰ পৰা কেলৰিৰ আধিক্য ঘটাৰ সম্ভাৱনা কম।

★বন্ধাকবিত বহু পৰিমাণে পানী থাকে আৰু ই দেহক হাইড্ৰেটেড কৰি ৰাখে।

 

দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে

 

★বন্ধাকবি ভিটামিন চিৰে ভৰপূৰ। এই ভিটামিনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে।

★তাৰোপৰি ভিটামিন চিয়ে নন-হেম আইৰন দেহে শোষণ কৰাত সহায় কৰে। মাছ-মাংস বাদ দি শাক-পাচলি, ডাইল আদিত থকা আইৰণক হেম-আইৰন বোলা হয়।

★ভিটামিন চি এটা শক্তিশালী এণ্টি-অক্সিডেণ্ট। ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে।

হজমত সহায়ক

 

★বন্ধাকবিত হজম নোহোৱা আঁহজাতীয় উপাদান থাকে। আঁহজাতীয় উপাদানে শৌচ গঠনত সহায় কৰে। ই কোষ্ঠকাঠিন্য কমায় আৰু পেটৰ স্বাস্থ্য ভালে ৰাখে।

★বন্ধাকবিত থকা পানীৰ পৰিমাণেও স্বাস্থ্য আৰু পেটৰ স্বাস্থ্য ভালে ৰখাত সহায়ক হয়।

★বন্ধাকবিৰ হজম নোহোৱা ফাইবাৰে পেটত লেক্ট’বেছিলাছ আৰু বায়ফিড’বেক্টেৰিয়াম আদি ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে।

 

তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে

 

★বন্ধাকবিৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টিহায়পাৰগ্লাইচেমিক উপাদান ডায়বিটিজ ৰোগীৰ বাবে উপকাৰী। ই তেজত শৰ্কৰাৰ পৰিমাণ কমায় আৰু ইনছুলিন উৎপন্ন হোৱাত সহায় কৰে।

★তাৰোপৰি বন্ধাকবিৰ ফাইবাৰে চেনিৰ শোষণ মন্থৰ কৰে আৰু ডায়েবিটিজ ৰোধত সহায় কৰে।

 

হৃদস্বাস্থ্য ভাল ৰাখে

 

★বন্ধাকবিয়ে হৃদস্বাস্থ্য ভালে ৰাখে। বন্ধাকবিৰ ৰঙীন ৰং ফ্লেভনইডছৰ কাৰণে হয়। এই ৰঙীন উপাদানে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

★বন্ধাকবিয়ে দেহত ইনফ্লেমেচন ৰোধ কৰি হৃদ-ধমনীজাত ৰোগ আঁতৰাই ৰখাত সহায় কৰে।

★বন্ধাকবিৰ পলিফেনলে তেজৰ প্লেটিলেট বৃদ্ধি ৰোধ কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

Exit mobile version