চুলিৰ স্বাস্থ্য ৰক্ষাৰ বাবে লাগতিয়াল খাদ্যসমূহৰ স’তে পৰিচিত হওঁ আহক :

870hair

লৌহ পদাৰ্থযুক্ত খাদ্য

লৌহকণিকা হ’ল তেজত অক্সিজেনৰ বাহক। গতিকে লৌহ পদাৰ্থৰ অভাৱত চুলিৰ স্বাস্থ্যত বিঘিনি ঘটিলে চুলি সৰাটো নিশ্চিত। মাংস, লিভাৰ, কণী, ডাঠ সেউজীয়া পালেং, কবি জাতীয় শাক, ড্ৰাই ফ্ৰুটচ, বীন, দাইল, বুটমাহ, চয়াবীন আদি খাদ্যত বেচি পৰিমাণৰ লৌহ পদাৰ্থ থাকে ।

ভিটামিন-চি যুক্ত খাদ্য

খাদ্যত থকা ভিটামিন-চি লৌহ পদাৰ্থ শৰীৰে গ্ৰহণ কৰাত সহায়ক হয়। অমিতা, আনাৰস, কমলা, নেমু, আমলখি, ষ্ট্ৰবেৰী, ৰঙ-বিৰঙী কেপচিকাম, ব্ৰুকলি, বন্ধাকবি, নাৰিকল আদিত ভিটামিন-চি থাকে।

ভিটামিন-এ যুক্ত খাদ্য

চুলিৰ গুৰিক মজবুত কৰি ৰখা ‘চিবাম’ নামৰ তেলীয়া পদাৰ্থৰ সৃষ্টিৰ বাবে ভিটামিন-এ ৰ আৱশ্যক হয়। কিন্তু অতিমাত্ৰা ভিটামিন-এ ল’লে সৰহ পৰিমাণৰ চিবামে চুলিৰ গুৰিৰ ছিদ্ৰ বন্ধ কৰি চুলি ভংগুৰ কৰি সৰাবহে পাৰে। সেয়ে ভিটামিন-এ নিয়মীয়া পৰিমাণত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভিটামিন-এ যুক্ত খাদ্যসমূহৰ কিছুমান হ’ল – গাজৰ, মিঠা আলু, পালেং, চালাড পাত, পূৰৈশাক, ৰঙালাউ, সৰিয়হ শাক।

জিংকযুক্ত খাদ্য

চুলিৰ সুস্বাস্থ্যৰ বাবে জিংক অতি লাগতিয়াল। জিংকে ডি এন এ নিৰ্মাণ কৰে। প্ৰটিন আৰু হৰমোনৰ (যেনে টেষ্ট’ষ্টৰেন) নিয়ন্ত্ৰণৰ সৈতে জিংক জড়িত। জিংকযুক্ত খাদ্য কিছুমান হ’ল – মূৰ্গী, গাহৰি আৰু গোমাংস, ঘেঁহু, সাগৰীয় অ’ষ্টাৰ আৰু কেকোঁৰা, বাদাম, আখৰুট, ৰঙালাউ, পালেং শাক।

প্ৰটিনযুক্ত খাদ্য

চুলি ঘাইকৈ প্ৰটিনৰে গঠিত। গতিকে খাদ্যত প্ৰটিনৰ অভাৱ ঘটিলে চুলি সৰিব আৰু সোনকালে পকিব। প্ৰটিনযুক্ত খাদ্য কিছুমান হ’ল – মাংস, কণী, গাখীৰ, পনীৰ, দৈ, সাগৰীয় মাছ, চয়াবীন, দাইল আৰু মাহজাতীয় শস্য।

অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য

চুলি আৰু ছালৰ সুৰক্ষাৰ বাবে অমেগা-তিনি ফেটি এচিড লাগতিয়াল। ই চুলিৰ গুৰি মজবুত কৰে। চুলিৰ ইলাষ্টিচিটি বঢ়ায় আৰু চুলিৰ বিকাশত সহায় কৰে। অমেগা-তিনি ফেটি এচিডযুক্ত খাদ্য কিছুমান হ’ল – চলমান আৰু টুনা মাছ, অলিভ অইল, আখৰুট, ৰঙালাউ-সূৰ্যমূখীৰ গুটি।

ভিটামিন-বি কমপ্লেস্কযুক্ত খাদ্য

বিভিন্ন শাক-পাচলি, ফলমূল, মাছ, গাখীৰ কণীত থকা ভিটামিন-বি কমপ্লেস্কে মেলানিন সৃষ্টি কৰাত সহায় কৰে। চুলি আৰু ছালৰ ৰঙৰ বাবে মেলানিন হ’ল অপৰিহাৰ্য।

ভিটামিন-ই যুক্ত খাদ্য

অলিভ তেল, চানফ্লাৱাৰ তেল, এলমণ্ড, গাজৰ, মিঠা আলু, বুট মাহ আদিত ভিটামিন-ই থাকে। শৰীৰৰ তেজ চলাচলৰ বাবে ভিটামিন-ই অতি লাগতিয়াল। সেয়ে ভিটামিন-ই-য়ে চুলিৰ বিকাশ ঘটায়\

Exit mobile version