জাত-পাতৰ সংঘাত হ্ৰাস কৰাৰ উপায় অসবৰ্ণ বিবাহঃ উচ্চতম ন্যায়ালয়

Find the exclusive tips to host the inter caste weddings smoothly

জাতিগত হিংসা নাশ কৰাৰ উপায় হৈছে অসবৰ্ণ বিবাহ । আজি এই ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে ।

ন্যায়াধীশ সঞ্জয় কিষাণ কলৰ নেতৃত্বাধীন বেঞ্চে আজি জনায় যে, পূৰ্বে বিবাহৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা আছিল ধৰ্ম আৰু জাতৰ । কিন্তু সম্প্ৰতি শিক্ষিত যুৱ প্ৰজন্ম এই বিষয়ত যথেষ্ট উদাৰ । তেওঁলোকে স্বইচ্ছা অনুসৰি জীৱন সংগী বাচি লয় আৰু এই অসবৰ্ণ বিবাহেই জাত-পাতৰ হিংসা হ্ৰাস কৰিব ।

সমাজৰ চিৰাচৰিত প্ৰথাৰ পৰা পৃথক হৈ যুৱ প্ৰজন্মৰ বহুতেই অন্য জাতিৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে । ফলত বহু ক্ষেত্ৰতেই দম্পত্তীসকলে পৰিয়াল আৰু সমাজৰ ৰোষৰ সম্মুখীন হ’বলগীয়া হৈছে । এই যুৱ সমাজক সমৰ্থন কৰিবলৈ কিন্তু আগবাঢ়ি আহিছে ন্যায়ালয় । এই মন্তব্য ন্যায়াধীশ কলৰ । বি আৰ আম্বেদকাৰৰ ‘অনিহিলেছন অৱ কাষ্ট’ৰ পৰা অসবৰ্ণ বিবাহ প্ৰসংগত এটা উদ্ধৃতিও দাঙি ধৰে ন্যায়ধীশজনে ।

বেংগালুৰুৰ এগৰাকী এমবিএ স্নাতক যুৱতী দিল্লীৰ এজন অধ্যাপকৰ স’তে পলাই গৈ বিবাহপাশত আৱদ্ধ হয় । যুৱতীগৰাকীৰ পৰিয়ালবৰ্গই প্ৰথমে নিখোজ গোচৰ দাখিল কৰে । কিন্তু পাছত পৰিয়ালবৰ্গই জনায় যে যুৱতীগৰাকীয়ে অন্য জাতিৰ যুৱকক বিয়া কৰোৱাইছে ।

এই সন্দৰ্ভত যুৱতীগৰাকীয়ে ন্যায়ালয়ত গোচৰ ৰুজু কৰে । তেওঁলোকে বিবাহৰ শংসাপত্ৰ হোৱাটছএপযুগে ন্যায়ালয়ত প্ৰেৰণ কৰে । ইয়াৰ পাছতেই তেওঁলোক সন্মুখীন নানা ধৰণৰ হুমকিৰ । এই বিষয়তেই আজি উচ্চতম ন্যায়ালয়ত শুনানি আছিল ।

যুৱতীগৰাকীৰ পৰিয়ালবৰ্গৰ অভিযোগৰ ভিত্তিতে আৰক্ষীৰ তদন্তকাৰী আধিকাৰীক যুৱতীগৰাকীৰ স্বামীয়ে গৃহ ত্যাগ কৰি থানাত হাজিৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে । যুৱতীগৰাকীৰ দাবী, আৰক্ষীক তেওঁ অৱগত কৰিছিল যে স্বইচ্ছা অনুসৰি আৰু আইনীভাৱে তেওঁলোকে বিয়া কৰাইছে ।

এই অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে অধ্যাপকৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰাৰ হুমকি দিয়ে । আজি তদন্তকাৰী আধিকাৰীকো তেওঁৰ আচৰণৰ বাবে গৰিহণা দিয়ে ন্যায়ালয়ে । লগতে এনেধৰণৰ সংবেদনশীল ঘটনাবোৰক কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাৰ বাবে আৰক্ষীক এটা নিৰ্দেশিকা প্ৰদান কৰে আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে ন্যায়ালয়ে ।

Exit mobile version