নৰ্তকী স্বপ্নাৰ বিৰুদ্ধে ছয় কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ

53457cb3bc2586657aef4f7c40c0cf84

হাৰিয়ানাৰ জনপ্রিয় নর্তকী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে বিত্তীয় প্ৰৱঞ্চনাৰ গুৰুতৰ অভিযােগ উত্থাপিত হ’ল। দিল্লী আৰক্ষীৰ বিত্তীয় অপৰাধ নিয়ন্ত্রণ শাখাই স্বপ্নৰ লগতে তেওঁৰ পৰিয়ালৰ আন কে’বাজনাে সদস্যৰ বিৰুদ্ধে কে’বা কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ অভিযােগত গােচৰ ৰুজু কৰিলে।

অভিযােগকাৰীয়ে স্বপ্নাই চুক্তি স্বাক্ষৰ কৰাৰ পাছতাে সেই চুক্তিৰ কাম সম্পূর্ণ নকৰি ধন আত্মসাৎ কৰা বুলি আৰক্ষীক গােচৰ দিছে। নৃত্য প্রদর্শনৰ বাবে স্বপ্নই বিভিন্ন ব্যক্তি-সংগঠনৰ পৰা লাখ লাখ টকাৰ আগধন লৈছিল। সেইদৰে নর্তকীগৰাকীয়ে ছয় কোটি টকা সংগ্রহ কৰি উক্ত ব্যক্তিসকলক বিত্তীয় প্ৰৱঞ্চনা কৰিছিল।

স্বপ্নাৰ বিৰুদ্ধে দিল্লীৰ তিনিজন আৰু হাৰিয়ানাৰ দুজন লােকে এনে অভিযােগ উত্থাপন কৰিছে। নর্তকীগৰাকীৰ লগতে তেওঁৰ মাতৃ, জ্যেষ্ঠ ভ্রাতৃ আৰু বৌৱেক, ভগ্নীৰ বিৰুদ্ধে ৫০ লাখ টকাৰাে অধিক বিত্তীয় প্ৰৱঞ্চনাৰ অভিযােগে উত্থাপিত হৈছে। উল্লেখ্য যে ২০১৮তাে স্বপ্নাৰ বিৰুদ্ধে বিত্তীয় প্ৰৱঞ্চনাৰ আন অভিযােগ উত্থাপিত হৈছিল।

Exit mobile version