সাউদৰভিঠা ছহিদ বেদীত বিজেপিৰ পতাকা উত্তোলন

WhatsApp Image 2021 02 12 at 8.09.00 PM

অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টিত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ প্ৰাকমুহূৰ্তত সাউদৰভিঠা ছহিদ বেদীত প্ৰচাৰৰ নামত বিজেপি কৰ্মীয়ে দলীয় পতাকা উত্তোলন কৰে ।

ADVERTISEMENT

উল্লেখ্য যে, ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া তদানীন্তন সময়ৰ দক্ষিণ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ চাৰিজন ছহিদৰ স্মৃতি ৰক্ষাৰ্থে বাগসাত সাউদৰভিঠা নিৰ্মাণ কৰা হয় ।

এই পতাকা উত্তোলন কাৰ্যক গৰিহণা জনায় সদৌ অসম ছাত্ৰ সন্থাৰ বাগসা জিলা সমিতিৰ সাংগঠনিক সম্পাদক জুবিন দাস, গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হৰিনাৰায়ণ দাস আৰু দক্ষিণ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱাশীষ কলিতাই ৷

Exit mobile version