দেশৰ বিত্তীয় পৰিস্থিতি উন্নত কৰাত অক্ষম দুই বিষয়াক অব্যাহতি দিলে কীমে

48cd6f57 7049 41ae aa84 8d019a022d77 AP North Korea Kim

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে দেশখনৰ দুজন শীর্ষ বিষয়াক হঠাতে কর্মচ্যুত কৰিলে। এই দুই বিষয়াই উত্তৰ কোৰিয়াৰ বিপর্যস্ত অর্থনীতিৰ পুনৰ সবলীকৰণৰ কোনাে উপায় উদ্ভাৱন কৰিব নােৱৰাত কীমে তেওঁলােকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

কীমে তেওঁৰ কেবিনেটৰ পাৰদর্শিত ক্ষোভ প্রকাশ কৰি এমাহ পূর্বে নিযুক্তি প্রদান কৰা এজন জ্যেষ্ঠ বিত্তীয় বিষয়াক চাকৰিৰ পৰা অপসাৰণ কৰিছিল। কীমে অভিযােগ কৰি কৈছিল যে সংকটৰ মাজেৰে অগ্ৰসৰ হােৱা দেশখনৰ অর্থনৈতিক ব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত এই দুই বিষয়াই কোনাে নতুন উপায় উদ্ভাৱন কৰিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে কৰনাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উত্তৰ কোৰিয়াৰ অর্থনৈতিক অৱস্থা যথেষ্ট শােচনীয় হৈছে। কীমে দেশখনত কৰনাৰ কোনাে প্রভাৱ পৰা নাই বুলি দাবী কৰি আহিছে যদিও দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে দাবী কৰা মতে, ক’ভিড সংক্ৰমণৰ পাছৰে পৰা উত্তৰ কোৰিয়াৰ অর্থনীতিৰ চৰম দুর্দশাৰ আৰম্ভ হৈছিল।

দেশৰ অৰ্থনীতিৰ পুনৰুত্থানৰ বাবে বিত্তীয় বিশেষজ্ঞৰ দিহা-পৰামৰ্শ বিচাৰি কীমে দুজন শীর্ষ বিষয়ক বিশেষ দায়িত্ব অর্পণ কৰিছিল। কিন্তু এই দুই বিষয়াই কোনাে নতুন উপায় উদ্ভাৱন কৰিবলৈ সক্ষম নােহােৱাত কীমে দুই বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।

Exit mobile version