নৰসিংহ পাতৰ কিছু ঔষধি গুণ

Blog curry leaves

★নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে কাৰণে শিশুৰ কাৰণে এই পাত উপকাৰী।

★নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰে।

★গৰ্ভৱতী আৰু প্ৰসূতি নাৰীয়ে নৰসিংহ পাত খালে উপকাৰ পাব।

★নৰসিংহ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে কাৰণে নৰসিংহৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হয়।

★জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়।

★নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়োৰিয়া ৰোগ নিৰাময় হয়।

★বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়।

★নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী।

★কেঁচুমূৰীয়া ৰোগীৰ বাবে নৰসিংহ পাতৰ চাটনি খোৱা ভাল।

★নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেঁতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা অভোক নোহোৱা হয়।

★নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে কাৰণে ই হাড়, দাঁতৰ গঠনত সহায় কৰে।

Exit mobile version