অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে জানো আহক

offset 761829

★হজম শক্তি বৃদ্ধি কৰাত কেঁচা অমিতা অতি উপকাৰী। কেঁচা অমিতাত পেপেইন ,কাইম’পেপেইন আদি বিভিন্ন এনজাইম আছে যিয়ে কার্বহাইড্রেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে।

★কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্য সুন্দৰ ভাবে চলি থাকে। কৌষ্ঠকাঠিন্য, অর্শ ৰােগত কেঁচা অমিতা উপকাৰী।

★ইয়াত থকা আঁহে পেট পৰিস্কাৰ কৰে। অৰ্শ ৰােগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি,উপশম লাভ কৰে।

★আমাৰ শৰীৰত নানা ধৰণৰ বিপাকীয় কাৰ্য্য চলি থাকে যিবােৰত বহুতাে অলাগতিয়াল বর্জিত পদার্থ বা তকচিল উৎপন্ন হয়। এইবােৰ শৰীৰৰ জমা হৈ গ’লে আমাৰ এলার্জি, ছালৰ সমস্যা আদি নানান ৰােগ হােৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে সময়ে খাদ্য বা ঔষধিৰ দ্বাৰা এইবােৰ নিষ্কাষণ কৰিবলৈ চেষ্টা কৰা উচিত। শৰীৰৰ শােধন বা বডী দিতক্স কৰাত কেঁচা অমিতা অতি উপকাৰী।

★খাৰধৰ্মী হােৱা বাবে আৰু ইয়াত থকা এনজাইম আৰু আঁহে শৰীৰৰ শােধন কৰে।

★গেছ, বদহজম, বুকু জ্বলা পােৰা,  সমস্যাতাে কেঁচা অমিতা উপকাৰী।

★কলেষ্টৰল সমস্যাত কেঁচা অমিতা উপকাৰী। ই হার্ট সুৰক্ষা কৰে। সেয়েহে হাৰ্টৰ ৰােগীয়ে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক।

★কেটেৰেক্ট বা বয়সস্থ লােকৰ হােৱা চকুৰ বিভিন্ন সমস্যাতাে কেঁচা অমিতা উপকাৰী।

★হাপানী, ব্রংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য। তনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতাে খাৰ দি বনােৱা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী।

★বাতবিষ, অষ্টিওআথ্রাইটিছ,গাউত আদি বিভিন্ন সমস্যাত কেঁচা অমিতা উপকাৰী।

★খাৰধর্মী হােৱা বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনীত সংক্রমণত ই উপকাৰী।

★ ওজন কমােৱাতােও কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকা সকলে মাজে সময়ে কেঁচা অমিতাৰ চবজি খােৱা উচিত।

★সুন্দৰ স্বাস্থ্যউজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে। পিম্পলছ, ক’লা দাগ, এলার্জি আদি ছালৰ সমস্যা থকা লােকে কেঁচা অমিতাৰ চবজি মাজে মাজে সেৱন কৰিলে সুফল পায়।

★ই পাচনতন্ত্র পৰিষ্কাৰ কৰে, তেজৰ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হােৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী।

★ডায়েবেটিছ ৰােগীৰ বাবেও কেঁচা অমিতা উত্তম পথ্য।

Exit mobile version