ব্রকলিৰ উপকাৰী গুণ

tanaman brokoli 169

আমাৰ স্বাস্থ্য ৰক্ষাত বিভন্ন সেউজীয়া শাক-পাচলিবােৰৰ গুৰুত্ব অপৰীসীম। ব্রকলিও এনে এবিধ পাচলি যি আমাৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। ই সুস্বাদু হােৱাৰ উপৰিও ই গুণগত মানৰ ফালৰপৰা সকলােৰে শীৰ্ষত বুলি কলেও ভুল নহব। এই ব্রকলিৰ বিভিন্ন গুণ সমূহৰ ভিতৰত হল-

ব্রকলি এন্টিঅক্সিডেন্ট।ব্রকলিয়ে হাড়ৰ গঠন মজবুট কৰে ।ব্রকলিত উচ্চহাৰত কেলচিয়াম আৰু ভিটামিন কে থাকে। গতিকে ই হাড় মজবুট কৰি ৰখাত সহায় কৰে। লগতে শৰীৰৰ বাবে প্রয়ােজনীয় খনিজ দব্য মেগনেচিয়া, জিং, ফচফৰাচ আদি যােগান ধৰে।

ব্রকলি প্ৰচুৰ ফাইবাৰৰ সমাহাৰ। হাড় ক্ষয়ৰােগ বা অষ্টিয়পৰছিছ ৰােগীয়ে এই ব্রকলি খােৱাটো অতি প্রয়ােজন।
ব্রকলিয়ে শিশুৰ হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে।

শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ লগতে ডায়েবেটিছ ৰােগীয়েও ব্রকলি খালে তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্রণ হয়।

ব্রকলিয়ে আর্থাইটিছ ৰােগ প্ৰতিৰােধ কৰাৰ লগতে ইয়াত থকা ওমেগা ফেটিএচিডে শৰীৰত এলার্জী প্ৰতিৰােধ কৰিব পৰা শক্তি যােগায়। সেইয়েহে এলার্জীৰ সমস্যাত ভুগা মানুহৰ বাবে ব্রকলি অতি উপযােগী।

ব্রকলিয়ে কেন্সাৰ প্ৰতিৰােধকৰে। এক গৱেষণাৰ তথ্য অনুসৰি ব্ৰকলিত এন্টিকেন্সাৰ উপাদান থাকে। ই বিশেষভাবে জৰায়ু আৰু স্তনকেন্সাৰ প্ৰতিৰােধত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।


ব্রকলিয়ে তেজত কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে। ব্রকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বাবে ই তেজত জমাহােৱা কলেষ্টৰেল বাহিৰ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ব্রকলিয়ে তেজত

কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে ।ব্রকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বাবে ই তেজত জমাহােৱা কলেষ্টৰেল
বাহিৰ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

ব্রকলি চালৰ বাবে উপকাৰী ।ব্রকলিত যথেষ্ট পৰিমানে জিং, কপাৰ আদি খনিজ পদার্থ আৰু ভিটামিন চি, এন্টিঅক্সিডেন্ট থকাৰ বাবে ই আমাৰ চালখনকো সুৰক্ষা দিব পৰা ক্ষমতা আছে। চকুৰ দৃষ্টি শক্তি বৃদ্ধিৰ বাবেও ব্রকলি উপযােগী।

Exit mobile version