এইবাৰ শিশুৰ শৰীৰত পৰীক্ষামূলক প্ৰয়োগ হ’ব অক্সফ’ৰ্ডৰ প্ৰতিষেধক

file 20201021 13 161k9m9

শিশুৰ শৰীৰত অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক কিমান কাৰ্যকৰ, সেই বিচাৰ কৰিবলৈ এইবাৰ পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ কৰিব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে । প্ৰথমবাৰৰ বাবে শিশু আৰু কিশোৰ-কিশোৰীৰ শৰীৰত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে ।

উল্লেখ্য যে বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াক কোৱা হয় ‘মিড-ষ্টেজ-ট্ৰায়েল’ । ইয়াৰ দ্বাৰা জয়ৰ পৰা ১৭ বছৰৰ শিশু আৰু কিশোৰ-কিশোৰীৰ শৰীৰত প্ৰতিষেধক কিমান কাম কৰিছে, সেয়া বিচাৰ কৰি চোৱা হ’ব । এই মাহতে প্ৰতিষেধক প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । প্ৰাথমিকভাৱে এই পৰীক্ষাৰ বাবে তিনিশ শিশু, কিশোৰ-কিশোৰীৰ নাম তালিকাভুক্ত কৰা হ’ব বুলিও জনোৱা হৈছে ।

বিশ্বৰ বিভিন্ন দেশে ইতিমধ্যে অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক ক’ভাক্সিন নিৰ্দিষ্ট বিভাগ আৰু বয়সৰ ঊৰ্ধ্বৰ লোকৰ শৰীৰত প্ৰয়োগ আৰম্ভ কৰিছে । ভাৰততো এই প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে । এই প্ৰতিষেধকৰ নিৰাপত্তা, সংৰক্ষণৰ সুবিধা আদি বিষয়সমূহে ইতিমধ্যে সমগ্ৰ বিশ্বত প্ৰশংসা লাভ কৰিছে । অথচ শিশুৰ শৰীৰত এই প্ৰতিষেধক কিমান কাৰ্যকৰ তাৰ স্পষ্ট তথ্য এতিয়াও পোৱা নাই । সেই বাবেই নতুনকৈ প্ৰতিষেধকৰ কাৰ্যকাৰিতা পৰীক্ষা কৰি চাব বিচাৰিছে অক্সফ’ৰ্ডে ।

অক্সফ’ৰ্ডৰ কৰ’না প্ৰতিষেধক গৱেষকসকলৰ মুৰব্বী এণ্ড্ৰু প’লাৰ্ডে এই সন্দৰ্ভত কয়, ‘হয়তো শিশুসকলৰ কৰ’নাত আক্ৰান্ত হোৱাৰ সিমান আশংকা নাই, তথাপি তেওঁলোকৰ শৰীৰত প্ৰতিষেধকৰ কাৰ্যকাৰিতা পৰীক্ষা কৰাটো প্ৰয়োজনীয় । সামান্য হ’লেও শিশুসকলৰ এটা অংশ এই প্ৰতিষেধকৰ কাৰণে লাভৱান হ’ব পাৰে ।’

শিশু আৰু কিশোৰ-কিশোৰীৰ শৰীৰত অক্সফ’ৰ্ডৰ প্ৰতিষেধক প্ৰথমবাৰলৈ প্ৰয়োগ কৰা হ’লেও বিগত অক্টোবৰৰ পৰাই এই পৰীক্ষা আৰম্ভ কৰিছে ফাইজাৰে । আনকি মাৰ্ডাণায়ো বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰাই একে পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ কৰিছে ।

বিশেষজ্ঞসকলৰ মতে, বিশ্বৰ বিভিন্ন দেশত স্কুল খুলিবলৈ আৰম্ভ কৰিছে । সেয়ে সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া শিশু আৰু কিশোৰ-কিশোৰীসকলকো প্ৰতিষেধক দিয়া প্ৰয়োজনীয়তা আহি পৰিছে । কিন্তু তেওঁলোকৰ শৰীৰত প্ৰতিষেধকৰ কাৰ্যকাৰিতা কিমান, সেয়া পৰীক্ষা কৰি চোৱাটো প্ৰয়োজন । অক্সফ’ৰ্ডৰ গৱেষকসকলেও সেই কথাই চিন্তা কৰিছে । সেয়ে এই পৰীক্ষামূলক প্ৰয়োগৰ সাফল্যই কোনো নতুন দিশ উন্মোচন কৰিব পাৰে বুলিও বহুতে ধাৰণা কৰিছে ।

Exit mobile version