কঁঠালৰ উপকাৰিতা

68107293

●গাৰ ছাল শোটোৰা পৰা ৰোধ কৰে
গাৰ ছাল শোটোৰা পৰা ৰোধ কৰিবৰ বাবে কঁঠালৰ বীজ ঠাণ্ডা গাখীৰৰ স’তে মসৃণভাৱে পিহী লওক । ভাল ফল পাবৰ বাবে এই মিশ্ৰণ নিয়মিতভাৱে ব্যৱহাৰ কৰক ।

●মানসিক চাপ আৰু ছালৰ ৰোগ নিৰাময় কৰে
কঁঠালৰ বীজত প্ৰ’টিন আৰু অধিক পৰিমাণে অন্যান্য মাইক্ৰ’নিউট্ৰিয়েণ্ট থাকে যিয়ে আমাৰ মানসিক চাপৰ মাত্ৰা আৰু বিভিন্ন ছৰ্ম ৰোগ নিৰাময় কৰে । ছালৰ আৰ্দ্ৰতাৰ মাত্ৰা বৃদ্ধি কৰিবৰ বাবে আৰু চুলি ভালে ৰখাৰ বাবে কঁঠালৰ বীজ গ্ৰহণ কৰক ।

●এনিমিয়া প্ৰতিৰোধ কৰে
নিয়মিতভাৱে কঁঠালৰ বীজ গ্ৰহণে শৰীৰৰ আইৰণ বৃদ্ধি কৰে । কঁঠালৰ বীজ আইৰণৰ উৎস যি হিম’গ্ল’বিনৰ এটা উপাদান । ই আইৰণ সমৃদ্ধ হোৱাৰ বাবে ৰক্তাল্পতা আৰু ৰক্তৰ অন্যান্য অসুস্থতা হ্ৰাস কৰে । আইৰণে মস্তিষ্ক আৰু হৃদযন্ত্ৰক স্বাস্থ্যকৰ আৰু শক্তিশালী কৰি ৰাখে ।

●স্বাস্থ্যকৰ চুলি আৰু ভাল দৃষ্টিশক্তি
কঁঠালৰ বীজত এ ভিটামিন থাকে । ই চকুৰ দৃষ্টিশক্তি অটুট ৰাখে । ভিটামিন এ চকুৰ স্বাস্থ্যৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান । কঁঠালৰ বীজ নিয়মীয়া সেৱনা কুকুৰিকণা ৰোগ নিৰাময় কৰে । ভিটামিন এ চুলি স্বাস্থ্যকৰ কৰে আৰু ফটা চুলি প্ৰতিৰোধ কৰে ।

●বদহজম প্ৰতিৰোধ কৰে
কঁঠালৰ বীজৰ গুৰি বদহজমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তাৎক্ষণিক উপায় হিচাপে পৰিচিত । প্ৰথমে বীজ ৰ’দত শুকাই ল’ব তাৰ পাছত গুৰি কৰি ৰাখি দিব । বদহজমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তাৎক্ষণিক ঘৰুৱা প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ এই গুৰি সংৰক্ষণ কৰা । কঁঠালৰ বীজ সাইবাৰ সমৃদ্ধ ।

●পেশী গঠন কৰে
কঁঠালৰ বীজত উচ্চমানৰ প্ৰ’টিন থাকে যিয়ে মাংসপেশী গঠন কৰাত সহায় কৰে । কঁঠালৰ পৰা আমি যি প্ৰ’টিন লাভ কৰো ই ক’লেষ্টৰেল মুক্ত ।

Exit mobile version