ছাত্ৰৰ স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ ইঞ্জেকছনৰ ব্যৱহাৰ

দিল্লীত গ্ৰেপ্তাৰ এজন যুৱক

Daily injections to increase students memory College home tutor caught

পঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ স্মৃতিশক্তিৰো পৰ্যৱেক্ষণ কৰে শিক্ষকে । যি পঢ়াইছে সেয়া যাতে ব্যৰ্থ নহয় তাৰো ব্যৱস্থা কৰিব লাগিব নিজেই । পঢ়ুৱৈৰ স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ তেওঁলোকক চেলাইনৰ ইঞ্জেকছন দিছিল শিক্ষকে । ইউটিউবৰ ভিডিঅ’ৰ পৰা শিকিছিল তেওঁ এই পদ্ধতি । ইয়াৰ পাছত তেওঁ নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতেই প্ৰয়োগ কৰে । দিল্লীৰ সেই শিক্ষকজনক দেওবাৰে গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে ।

গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ বয়স ২০ বছৰ । তেওঁ স্নাতক স্তৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ । পূৱ দিল্লীৰ মাণ্ডাৱালিত ষষ্ঠৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূল্যে পঢ়াই তেওঁ । পঢ়োৱাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক গিনিপিগ বনাই এনে পৰীক্ষণমূলক ‘গৱেষণা’ চলাইছিল । ইঞ্জেকছনৰ স’তে এজন ছাত্ৰ ধৰা পৰাত এই ঘটনা পোহৰলৈ আহে ।

আৰক্ষীয়ে জনায়, সন্দিপৰ এজন ছাত্ৰই নিজ গৃহত ইঞ্জেকছন লৈ থাকোঁতে তেওঁৰ পিতৃ-মাতৃয়ে প্ৰত্যক্ষ কৰে । ইয়াৰ পাছত ঘটনা সন্দৰ্ভত আৰক্ষীক জনায় ছাত্ৰজনৰ অভিভাৱকে । ইয়াৰ পাছতেই সন্দিপক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । পূৱ দিল্লীৰ ডিএছপি দীপক যাদৱে জনায়, ছাত্ৰ-ছাত্ৰীৰ স্মৰণ শক্তি বৃদ্ধি কৰিবৰ বাবে তেওঁলোকক সাধাৰণ চেলাইন ছল্যোছনৰ ইঞ্জেকছন প্ৰয়োগ কৰিছিল সন্দিপে । সন্দিপে আৰক্ষীক জনায়, এই বিষয়ত তেওঁ ইউটিউবত এটা ভিডিঅ’ দেখিছিল । কমবয়সীয়াসকলক চেলাইনৰ ইঞ্জেকছন দিলে তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি হয় বুলি কোৱা হৈছিল ভিডিঅ’ত ।

যাদৱে কয়, ‘সন্দিপৰ ছাত্ৰসকলৰ শাৰীৰিক পৰীক্ষণ-নিৰীক্ষণ চলি আছে । তেওঁলোকে যাতে প্ৰয়োজনীয় চিকিৎসা লাভ কৰে তাৰো ব্যৱস্থা কৰা হৈছে । ভাৰতীয় দণ্ডবিধি ৩৩৬ ধাৰাত (প্ৰাণ বিপন্ন কৰা) গোচৰ দাখিল কৰা হৈছে সন্দিপৰ বিৰুদ্ধে ।’

Exit mobile version