পুষ্টিকৰ থলুৱা ফল ৰবাব টেঙাৰ ঔষধি গুণসমূহ

images 1 3

★ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে ।

★হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়, পেট খোলোচা কৰে ।

★অৰ্শ্ব ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ।

★মূত্ৰজনন হোৱাৰ বাবে প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী ।

★পতাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, আঁ হ আদি থকাৰ বাবে উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী ।

★ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী ।

★হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে । অষ্টিঅপ’ৰ’ছিছ সমস্যাত ভোগা লোকৰ বাবেও ই উপকাৰী ।

★ অকালতে পৰা বয়সৰ চাপ কম কৰাতো ই সহায় কৰে । ই একপ্ৰকাৰৰ বডী দিতক্স বা শৰীৰ শোধনকাৰক হিচাপে কাম কৰে । ইয়াত থকা এণ্টিঅক্সিডেণ্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে ।

★ দাঁতৰ সুস্বাস্থ্যৰ বাবেও ই সহায়ক । কাৰণ প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে । দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায় ।

★শালমনৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত । ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাব কম কৰে । ক’লা দাগ, হাইপাৰপিগমেণ্টেশ্যন আদি সমস্যাও কম কৰে । ছালৰ কমনীয়তা বৃদ্ধিতো ই সহায় কৰে ।

★চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী । ভিটামিন এ, ভিটামিন বি কমপেহ্লক্স , ভিটামিন চি, জিংক আদি থকাৰ বাবে চুলিৰ বাবে ভাল । উফিৰ সমস্যাও কম কৰাত সহায় কৰে । সুন্দৰ স্বাস্থ্য, উজ্জ্বল চুলিৰ কামনা কৰাসকলে ৰবাব টেঙা জাতীয় টেঙা ফল সেৱন কৰা উচিত ।

★ ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ পৰাও ৰক্ষা কৰাত ৰবাব টেঙা উপকাৰী

Exit mobile version