ঔটেঙাৰ উপকাৰিতা

98050.fbe405da23332fbbac2c70ad15ad31e0

●ৰক্তচাপ নিয়ন্ত্ৰণ
ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ যদি আপুনি পটেছিয়ামযুক্ত কল খাই আমনি পাইনে তেন্তে ঔটেঙা হৈছে শ্ৰেষ্ঠ বিকল্প । ঔটেঙাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে ।

●সুস্থ চকু
ঔটেঙা হৈছে ভিটামিন ‘এ’যুক্ত ই চকু সুস্থ ৰখাত সহায় কৰে । চকু বিশেষজ্ঞসকলৰ অনুসৰি, চকুৰ কিছুমান সমস্যাই দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে । এই সমস্যাবোৰ ভিটামিন এ যুক্ত খাদ্যৰ ডায়েটৰ দ্বাৰা সমাধা কৰিব পৰা যায় । ঔটেঙাৰ নিয়মীয়া সেৱন চকুৰ বাবে উপকাৰী ।

●সংক্ৰমণ ৰোধ
ঔটেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । আমি সকলোৱে জানো যে ভিটামিন ‘চি’য়ে প্ৰতিৰোধ ক্ষমতা অটুট ৰাখে । আপুনি যদি জ্বৰ, চৰ্দি বা অন্য কোনো সংক্ৰমণত সঘনাই আক্ৰান্ত হৈ থাকে তেন্তে ভিটামিন চি যুক্ত ফলমূল গ্ৰহণ কৰক ।‌ যেনে ঔটেঙা ।

●সুস্থ গাৰ ছাল
যিসকলে যুৱ দেখিব বিচাৰে তেওঁলোকৰ বাবে ভিটামিন চি অতি উপকাৰী । ই গাৰ ছাল শোটোৰা পৰা ৰোধ কৰে ।

●দ্ৰুত শক্তিৰ উৎস
ঔটেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে । আপুনি যদি খুব দুৰ্বল অনুভৱ কৰে তেন্তে ঔটেঙাৰ সেৱনে আপোনাক নিমিষতে শক্তি প্ৰদান কৰিব পাৰে ।

Exit mobile version