নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত ‘মেথছ্ লেব’ উদ্বোধন

নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা প্ৰতিষ্ঠা কৰা ‘মেথছ্ লেব’ আজি সৰস্বতী পূজাৰ দিনাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিদ্যালয়খনৰ লগতে আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচৰ্গা কৰে বিদ্যালয় কৰ্তৃপক্ষই। গোলাঘাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই উদ্বোধন কৰি কয় যে, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই প্ৰস্তুত কৰা সামগ্ৰীয়ে লেবটোৰ মৰ্যদা বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সহজতে গণিত বিষয়ৰ প্ৰতি আকৰ্ষিত হ’ব। নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো বিশেষভাৱে উপকৃত কৰিব।

লেবটোৰ বাবে কিছু সামগ্ৰী প্ৰদান কৰিছে গোলাঘাটৰ সৰস্বতি প্ৰকাশন গোষ্ঠীয়ে।লেবটোত গণিত অধ্যয়নৰ সহায়ক হোৱাকৈ কিছু আচবাব, সজুঁলি আদি ৰখা হৈছে। আজি লেবটোৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মধৰ কছাৰী, ভোগেশ্বৰ বাঢ়ৈ, নুমলীগড় গাঁও পঞ্চায়তৰ সভাপতি অনন্ত কছাৰী, সমাজকৰ্মী দেবব্ৰত বিশ্বাস, লাবন্য গগৈকে আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অনুষ্ঠানৰ আঁত ধৰে প্ৰধান শিক্ষক মহেন শইকীয়াই। নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি প্ৰতিষ্ঠা কৰা ‘মেথছ লেব’টো ৰাজ্যখনৰ ভিতৰতে এক আদৰণীয় প্ৰদক্ষেপ বুলি সচেতন মহলে মন্তব্য কৰিছে। ইফালে, বিদ্যালয়খনৰ কলা কৃষ্টিৰ কুুুুটিৰৰ লগতে বিদ্যালয়ৰ পৰিৱেশে ৰাইজৰ মন জয় কৰিছে। চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী প্ৰধান বিদ্যালয়খনত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ৬৫০জন।

Exit mobile version