ফেচবুক লাইভত আত্মহত্যাৰ আভাস

দেহ উদ্ধাৰ সুশান্তৰ সহ-অভিনেতাৰ

পুনৰ এজন বলীউড‌ অভিনেতাৰ মৃত্যু । নাম সন্দীপ নাহাৰ । মুম্বাইৰ গ’ৰেগাঁও অঞ্চলত নিজ বাসগৃহৰ পৰা তেওঁৰ দেহ উদ্ধাৰ হয় । দেহটো মৰণোত্তৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে । প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ স’তে ‘এমএছ ধোনি: দ্য আনট’ল্ড ষ্ট’ৰী’ত অভিনয় কৰিছিল সন্দীপে । ইয়াৰ লগতে অক্ষয় কুমাৰৰ ‘কেছৰী’ ছবিখনটো অভিনয় কৰিছিল তেওঁ ।

সোমবাৰে নিশা অভিনেতাৰ গৃহৰ পৰা তেওঁৰ ওলমি থকা দেহ উদ্ধাৰ কৰে মুম্বাই আৰক্ষীয়ে । লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় সন্দীপক । কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে বুলি জনায় মুম্বাই আৰক্ষীয়ে । তদন্ত অব্যাহত আছে ।

ঘটনা সংঘটিত হোৱাৰ কিছু ঘণ্টা পূৰ্বে সন্দীপে তেওঁৰ ফেচবুক একাউণ্টৰ পৰা লাইভ আহে । অভিনেতাজনে নিজে এই ভিডিঅ’টো ‘আত্মহত্যাৰ টোকা’ বুলি দাবী কৰে । সেই ভিডিঅ’ৰ পৰাই বুজা যায় যে, তেওঁ মানসিক সমস্যাত ভুগি আছিল । বৃত্তি আৰু পাৰিবাৰিক সমস্যাৰ বিষয়ে উল্লেখ কৰে লাইভত ।

অভিনেতাজনে লাইভত কয়, ‘মই বহুত চেষ্টা কৰিছো । জানো যে আত্মহত্যা কৰা অনুচিত । কিন্তু আৰু নোৱাৰো । মোৰ মৃত্যুৰ দিয়া কৰি মোৰ পৰিয়ালবৰ্গক হাৰাশাস্তি নকৰিব ।’

নিজৰ পত্নীৰ স’তে থকা কিছু অশান্তিৰ কথাও ভিডিঅ’ত প্ৰকাশ কৰে । তেওঁ কয় যে, তেওঁলোক দুয়ো সম্পূৰ্ণ পৃথক হোৱাৰ বাবে তেওঁলোকৰ মিল নাই । নিজৰ শাহু আইক লৈও অভিযোগ কৰে সন্দীপে । বহু চেষ্টাৰ পাছতো দাম্পত্যত শান্তি আনিব নোৱাৰিলো । মুম্বাইত থকাকালীন বহু অসুবিধাৰ সন্মুখীন হয় তেওঁ । কিন্তু বিগত কিছুদিন ধৰি সমস্যা বাঢ়ি যোৱাত মুক্তি বিচাৰি দাবী কৰে তেওঁ ।

ভিডিঅ’ৰ অন্তত কয়, ‘মোৰ পত্নীক কোনেও দোষাৰোপ নকৰিব । কিন্তু পাৰিলে তেওঁৰ মূৰৰ চিকিৎসা কৰাব ।’

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সন্দীপৰ বন্ধু বলজিতে জনায় যে, সন্দীপ দীৰ্ঘদিন ধৰি মুম্বাইতে আছিল । কিন্তু কেতিয়াও নিজৰ পৰিয়ালৰ সমস্যাৰ কথা ব্যক্ত কৰা নাছিল বলজিৎ বা অইন বন্ধুবৰ্গৰ সন্মুখত । বলজিতে জনায় যে প্ৰয়াত অভিনেতাৰ পৰিয়াল চণ্ডীগড়ত থাকে । তালৈয়ে তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ’ব সৎকাৰৰ বাবে ।

Exit mobile version