ৰাজকুমাৰৰ নতুন ছবিৰ ট্ৰেইলাৰত কঠোৰ বাৰ্তা পুৰুষসকলৰ বাবে

roohi 1613368221

‘মৰ্দ ক’ হি জ্যাদা দৰ্দ হ’গা’ পুৰুষেই বেছি কষ্ট পাব । ছবি গহত মুক্তি দিয়াৰ পূৰ্বে এইদৰে সতৰ্কবাৰ্তা প্ৰেৰণ কৰিলে ‘ৰুহি’য়ে । ৰাজকুমাৰ ৰাৱ, জাহ্নৱী কাপোৰ আৰু বৰুণ শৰ্মাই অভিনয় কৰা এই ছবি বলীউডৰ হৰ’ৰ কমেডিৰ তালিকাত নতুন সংযোজন । ভয়ৰ লগতে হাঁহিৰ ৰস দিব ‘ৰুহি’ৰ চিত্ৰনাট্যই ।

আগন্তুক মাৰ্চৰ ১১ত বিভিন্ন ছবি গৃহত মুক্তি দিয়া হ’ব ছবিখন । ট্ৰেইলৰত দেখা গ’ল যে ‘স্ত্ৰী’ ছবিৰ দৰে ভয়ানক চৰিত্ৰ দেখুওৱা হ’ব ছবিখনত । মধুচন্দ্ৰিকাত যোৱা নৱ-বিবাহিতাসকলক অপহৰণ কৰে ডাইনিৰ ভূমিকাৰ জাহ্নৱী । লগতে পুৰুষসকলক ভয় খোৱাই । সেইবাবেই ‘ৰুহি’ৰ ট্ৰেইলৰত এনে কাঢ়া বাৰ্তা দিয়া হৈছে নেকি ? কোৱা হৈছে, এইবাৰ পুৰুষসকলৰে বেছি কষ্ট হ’ব ।

Exit mobile version