ইংলেণ্ডৰ বিৰুদ্ধে শেষ দুই টেষ্টৰ বাবে দল ঘোষণা ভাৰতৰ

নাথাকিব ছামি, নৱদ্বীপ

957558 ind v eng

ম’টেৰা ষ্টেডিয়ামত শেষ টেষ্ট মেচ খেলিবৰ বাবে দল ঘোষণা কৰিলে ভাৰতে । দলত বিশেষ পৰিৱৰ্তন কৰা নাই বিৰাট কোহলিয়ে । মহম্মদ ছামি, নৱদ্বীপ ছাইনিক বাদ দি ১৭ জনীয়া দল ঘোষণা কৰিলে ভাৰতে ।

বিচিচিআইয়ে টুইট কৰি জনায় যে, উমেশ যাদৱৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব । তেওঁ যদি সেই পৰীক্ষাত সুস্থ আহে তেন্তে তেওঁ দলত যুক্ত কৰা হ’ব । উমেশক এশ শতাংশ সুস্থ পোৱা নগ’লে দলত যোগ দিব শাৰ্দুল ঠাকুৰ ।

দলত নেট বলাৰ হিচাপে থাকিব অংকিত ৰাজপুত, আৱেশ খান, ছন্দীপ ৱাৰিয়ৰ, কৃষ্ণাপ্পা গৌতম আৰু সৌৰভ কুমাৰ । কে এছ ভৰত আৰু ৰাহুল ছহাৰকো প্ৰস্তুত থাকিবলৈ কোৱা হৈছে ।

বিজয় হজাৰে ট্ৰফী খেলিবৰ বাবে অভিমন্যু ইশ্বৰণ, প্ৰিয়ংক পঞ্চাল আৰু ছাহবাজ নাদিমক ।

শেষ দুই টেষ্টৰ ভাৰতীয় দলঃ বিৰাট ক’হলি, ৰোহিত শৰ্মা, ময়ংক অগৰৱাল, শুভমন গিল, চেতেশ্বৰ পূজাৰা, অজিংক্য ৰাহানে, লোকেশ ৰাহুল, হাৰ্দিক পাণ্ডে, ঋষভ পন্থ, ঋদ্ধিমান সাহা, ৰবিচন্দ্ৰন অশ্বিনি, কুলদ্বীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ইশান্ত শৰ্মা, যশপ্ৰীত বুমৰা আৰু মহম্মদ ছিৰাজ ।

Exit mobile version