চিকুৰ উপকাৰিতা

জানো আহক

●চিকুত ভিটামিন এ থকাৰ বাবে ই আমাৰ চকুৰ বাবে উপকাৰী ।
●এই ফলবিধত থকা ভিটামিন ‘চি’য়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখে আৰু গাৰ ছাল ভালে ৰাখে ।
●হৃদৰোগ নিয়ন্ত্ৰণ কৰে ।

●চিকুত থকা ফ্ৰাক্ট’ছ আৰু ছাক্ৰ’ছ উপাদানে আমাৰ শৰীৰত প্ৰচুৰ শক্তি যোগায় ।
●ফলবিধত উচ্চ পৰিমাণে টানিন উপলব্ধ যিয়ে এণ্টিইনফ্লেমেটৰী হিচাপে কাম কৰে ।
●ই আমাৰ পাচন তন্ত্ৰক সুস্থ ৰাখে আৰু ইৰিটেবল বৱেল ছিণ্ড্ৰ’ম (আইবিএছ) প্ৰতিৰোধ কৰে ।
●চিকুত থকা এণ্টিঅ’ক্সিডেণ্টে মুখ গহ্বৰত হোৱা কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ।
●এই ফলবিধ কেলচিয়াম, ফছফৰাছ আৰু আইৰণ সমৃদ্ধ যিয়ে আমাৰ হাড় শক্তিশালী কৰি ৰাখে ।

●চিকু আইৰণ সমৃদ্ধ হোৱাৰ বাবে ই ৰক্তহীনতা ৰোগ নিৰাময়ৰ বাবে উপকাৰী ।
●চিকুৱে গৰ্ভৱতী মহিলাসকলক প্ৰাতঃ অসুস্থতা আৰু মূৰ ঘূৰণি হ্ৰাস কৰে ।
●ই বিপাক নিয়মিত কৰি ৰাখে আৰু ওজন হ্ৰাস কৰাৰ বাবে উপকাৰী কাৰণ ই শৰীৰ পানী ধৰি ৰখাত সহায় কৰে ।

●চিকুৱে আমাৰ শৰীৰ পৰা টক্সিন অপসাৰণ কৰে ।
●গাৰ ছাল, চুলি সুস্থ আৰু মইছ’ৰাইজ কৰি ৰাখে ।
●ইয়াৰ সুফল লাভ কৰিবলৈ মুখমণ্ডলত বা চুলিত লগোৱাৰ পৰিৱৰ্তে সেৱন কৰা ভাল ।

Exit mobile version