দক্ষিণ কামৰূপত পোন প্ৰথমবাৰৰ বাবে উদযাপন হ’ল আলি আয়ে লৃগাং

মিচিং সমাজে বকোত উদযাপন কৰিলে মিচিংসকলৰ জাতীয় উৎসৱ

WhatsApp Image 2021 02 17 at 4.44.08 PM

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় মিচিংসকলৰ জাতীয় উৎসৱ আলী‌ আয়ে লৃগাং। সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ বকোত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ল আলী আয়ে লৃগাং। বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলটোত উজনিৰ বিভিন্ন অঞ্চলৰ মিচিং জনগোষ্ঠীয় লোকসকলে কৰ্মসূত্ৰে বসবাস কৰি আছে।

কৰ্ম ব্যস্ততাৰ মাজত জাতীয় উৎসৱটিত নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে । যাৰ বাবে মিচিং সমাজে বকোত পৰম্পৰা ৰক্ষা কৰি বকোৰ আগচিয়াত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিলে আলী আয়ে লৃগাং।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বকো সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু মিচিং সমাজ বকো, ড০ ভূপেন হাজৰিকা সাংস্কৃতিক আৰু সৃষ্টিশীল অধ্যয়ন কেন্দ্ৰ বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সহযোগত ১০ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া মিচিং নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হয়।

মহাবিদ্যালয়খনৰ প্ৰায় ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। প্ৰশিক্ষাৰ্থীসকলে আজি আলী আয়ে লৃগাঙত নৃত্য প্ৰদৰ্শন কৰে।

ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে লৃগগত পৰ্বত মাজুলীৰ বিশিষ্ট লোক শিল্পী মিগাং হেমচন্দ্ৰ কুটুম, অনিল মিলি, মিচিং সমাজ বকোৰ উপদেষ্টা জোনাথন মাৰাকে আৰম্ভ কৰে ।

Exit mobile version