পঞ্জাৱত চমকপ্ৰদ জয় কংগ্ৰেছৰ

পঞ্জাৱৰ পৌৰ নিৰ্বাচনত পৰাজিত হ’ল বিজেপি । পঞ্জাৱৰ শাসকদল কংগ্ৰেছৰ লগতে ভাল ফল কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়েও । বিজেপিৰ প্ৰাক্তন সহযোগী শিৰোমণি অকালি দলেও নিৰ্বাচনত পৰাজিত হয় । নতুন কৃষি আইনৰ প্ৰতিবাদত সমগ্ৰ উত্তৰ ভাৰতত কৃষক আন্দোলনৰ বাবেই গেৰুৱা দলৰ এই বিপৰ্যয় বুলি মত প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশই ।

যোৱা ১৪ ফেব্ৰুৱাৰীত পঞ্জাৱত পৌৰ নিৰ্বাচন হৈছিল । আজি পুৱাৰ পৰা পঞ্জাৱৰ আঠটা কৰ্পৰেচন আৰু ১০৯ টা পৌৰ পৰিষদ আৰু নগৰ পঞ্চায়তৰ ভোট গণনা আৰম্ভ হয় । অতি শীঘ্ৰে স্পষ্ট হৈ যায় যে সাতটা কৰ্প’ৰেছনসহ অধিকাংশ পৌৰসভাতেই কংগ্ৰেছে স্থান দখল কৰাৰ সম্ভাৱনা আছে ।

একক শক্তি আৰু নিৰ্দলীয়সকলৰ স’তে পাঠানক’ট, বাটালা, হ’ছিয়াৰপু, অব’হৰ, ভাটিণ্ডা, কপূৰথলা, ম’গা কৰ্পৰেছন কংগ্ৰেছে দখল কৰাৰ সম্ভাৱনা আছে  । মোহালি কৰ্পৰেছনৰ কিছু সংখ্যক ৱাৰ্ডত ভোট অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ বাবে আজি পুনৰনিৰ্বাচন হৈছে । সূত্ৰ অনুসৰি, বিজেপিৰ প্ৰাৰ্থীয়ে সাতখন আসনত জয়ী হৈছে ।

ভাটিণ্ডাত প্ৰায় ৫৩ বৰ্ষৰ পাছত জয়ী হ’ল কংগ্ৰেছ । অকালি দলৰ মুৰব্বী সুখবীৰ বাদলৰ স্ত্ৰী হৰচিমৰত কৌৰ এই কেন্দ্ৰৰ সাংসদ । মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ মন্ত্ৰীসভাৰ সদস্য মনপ্ৰিতে এই জয়ৰ বাবে ভাটিণ্ডাৰ ভোটাৰসকলক অভিনন্দন জনায় টুইট কৰে, ‘ভাটিণ্ডাবাসীয়ে আজি ইতিহাস ৰচিলে ।’

গুৰদাসপুৰ পৌৰসভাৰ ২৯খন ৱাৰ্ডে কংগ্ৰেছৰ দখলত । ৰূপাৰ, ফৰিদক’ট, ৰায়পুৰৰ দৰে বৃহৎ পৌৰসভাত  ইতিমধ্যে সংখ্যা গৰিষ্ঠতা লাভ কৰিছে কংগ্ৰেছে । নিৰ্দলীয় প্ৰাৰ্থীসকলে গৰিষ্ঠতা লাভ কৰিছে কৰ্তাৰপুৰ ছাহিব, নক’দৰ, নুৰমহল পৌৰসভাত ।

Exit mobile version