★সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধুই এক লিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিষ্কাৰ হয় বাবে গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খালে যকৃত, কিডনী, অম্লাশয় , থাইৰয়ড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ- পেচাব নিয়মীয়া হোৱাৰ উপৰি শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী কমেও এক লিটাৰ খাওক।
★ আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে আৰু এঘণ্টাৰ পাছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰাইটিছ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পাছত পিত্তৰস আহাৰৰ স’তে ভালদৰে মিহলি হ’লেহে সহজেই হজম হয়। কিন্তু আহাৰ খাই লগে লগেই পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিকভাৱে আহাৰ পৰিপাক হ’ব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।
★আহাৰ খোৱাৰ পাছত কমেও এঘণ্টা বাওঁ কাতি হৈ শুব লাগে। বাওঁ কাতি হৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তদুপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হ’ব নোৱাৰে। গেষ্ট্ৰাইটিছ থকা ব্যক্তিয়ে সদায় বাওঁ কাতিকৈ শুব লাগে।
★অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অংগ-প্ৰত্যংগ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হ’ব নোৱাৰে।
★অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলা-পোৰা কৰা, পেট ফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়। পদিনা পাতৰ ৰস এচামুচকৈ দিনে তিনিবাৰ খাব পাৰি। তাৰোপৰি পদিনাৰ পাত আঠ-১০টা মান এগিলাচ পানীত সিজাই চেকি লৈ দিলে তিনিবাৰ খালে অম্লপিত্ত ভাল হয়। এল’পেথিক গেষ্ট্ৰিকৰ PPI ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল আদি খালে কিডনি ফেইলাৰ আৰু পাকস্থলীৰ কেনছাৰ হয়। কিন্তু পদিনা অম্লপিত্ত আৰু কেনছাৰ নাশক। উল্লেখযোগ্য যে PPI গেষ্ট্ৰিকৰ ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল জধে-মধে খোৱাৰ ফলত সমগ্ৰ অসমত কিডনি ফেইলাৰ ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে।
★ দিনটোত আহাৰ পাছ-ছবাৰ খালে গেষ্ট্ৰাইটিছ ৰোগৰ উপৰি উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু তেজত কলেষ্টেৰল বঢ়াৰ সম্ভাৱনা নাথাকে। দুপৰীয়া ১২ বজাৰ ভিতৰত আৰু ৰাতি ন বজাৰ ভিতৰত ভাত খাব লাগে। পুৱা ছয় আৰু ন বজাত নামমাত্ৰ লঘু আহাৰ খাব। সেইদৰে আবেলি আৰু সন্ধিয়া নামমাত্ৰ লঘু আহাৰ খাব। এই নিয়ম পালন কৰিলে সহজে গেষ্ট্ৰাইটিছ ৰোগ হ’বই নোৱাৰে। সকলোতকৈ ডাঙৰ কথা, আমি লোভ নিয়ন্ত্ৰণ কৰিব লাগিব।
★অম্লপিত্তৰ বাবে মানিমুনি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুনি পাত ৮-১০ টা মান চোবাই খালে অম্লপিত্ত ভাল হয়। তাৰোপৰি মানিমুনি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰি ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।
★ ভাত খোৱাৰ আগমুহহুৰ্তত এটুকুৰা আদা ক’লা নিমখৰ সৈতে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। আয়ুৰ্বেদিক সংহিতাত উল্লেখ আছে যে ‘ভোজনাগ্ৰে লৱণাদ্ৰক’, অৰ্থাৎ আহাৰ আগতে আদা আৰু ক’লা নিমখ খাব লাগে।
★অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব। খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।
★অম্লপিত্ত ৰোগীয়ে কল খোৱাটো অতি প্ৰয়োজনীয়। কলত ভিটামিন –বি কমপ্লেক্স থকা বাবে পাকস্থলীৰ শ্লেষ্মিক কলা শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা কমি যায়।
★ অসমীয়া মানুহৰ খাৰখোৱা বুলি এক পৰিচয় আছে। মাজে-সময়ে কলাখাৰ খালে অম্লপিত্ত সহজে নহয়।
★কেতিয়াও সম্পূৰ্ণ পেট ভৰাই আহাৰ নাখাব। এইদৰে আহাৰ খালে হজম ভালদৰে নহয় আৰু অম্লপিত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
★বেছি ভজা-পোৰা, মছলা, জলা, টেঙা, চাহ আৰু কফি নাখাব বা কমকৈ খাব।
★গাখীৰ, মাখন, গৰুৰ ঘিউ, সিজোৱা তৰকাৰী, মগুদাইল খাব।
★শুকন বা কেঁচা আমলখি তিনি চাৰিটা সদায় খালে অম্লপিত্ত ভাল হয়।
★ৰোগ হৈ থকা সময়ত আটা আৰু ময়দাৰ পৰা বনোৱা খাদ্য খাব নালাগে।