লেতেকুৰ উপকাৰী গুণ

burmese grape 2918165 960 720

★ভিটামিন C থকা বাবে শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ, কাহ ,চর্দি আদিৰ পৰা আমাক বচাই ৰাখে।

★ভিটামিন C , এন্টিঅক্সিডেন্ট থকাৰ বাবে ছালৰ সৌন্দৰ্য্য বর্ধনতাে সহায় কৰে।

★দাঁতৰ আলুৰ গুৰিৰ পৰা তেজ ওলােৱা সমস্যাতাে উপকাৰী কাৰণ ইয়াত ভিটামিন C আছে।

★লেতেকুয়ে হজমী শক্তি বৃদ্ধি কৰে আৰু পেট খােলােচা কৰে।

★পতাছিয়াম থকা বাবে উচ্চ ৰক্তচাপত উপকাৰী। উচ্চ ৰক্তচাপত ভােগা ৰােগীয়ে লেতেকুৰ চৰবত সেৱন কৰিব
পাৰে।

★কেলচিয়াম থকা বাবে হাড়ৰ গঠন মজবুত কৰে ।অষ্টিওপৰ’ছিছ সমস্যাত ভােগা লােকে লেতেকু সেৱন কৰিলে উপকৃত হ’ব।

★ৰক্তহীনতা বা এনিমিয়া সমস্যাতাে লেতেকু উপকাৰী।

★ আঁহ থকা বাবে ওজন কম কৰাতাে উপকাৰী লেতেকু।মেদবহুল লােকে লেতেকুৰ সেৱন কৰিব পাৰে।

★প্রসাবৰ বিভিন্ন সমস্যাত লেতেকুৰ চৰবত উপকাৰী।

Exit mobile version