পুনৰ চৰ্চাৰ মাজত ৰাখি সাৱন্ত

rakhi birthday

বিগ বছ ১৪ ৰিয়েলিটি শ্বত প্ৰৱেশ কৰে মনোৰঞ্জনেৰে সকলোৰে মন জয় কৰা ভাৰতী সিং আৰু হাৰ্শ লিমবাচিয়া। বিগ বছ হৈছে এখন ৰিয়েলিটি শ্ব আৰু মাত্ৰ এটা সপ্তাহৰ পিছতে সমাপ্ত হ’ব সকলোৰে জনপ্ৰিয় ৰিয়েলিটি শ্ব বিগ বছ।সমাপ্ত হোৱাৰ কিছু দিন পূৰ্বেই বিগ বছত প্ৰৱেশ কৰে ভাৰতী আৰু তেওঁৰ স্বামী।

বিগ বছৰ শেষৰ খণ্ডটোত দেখা গ’ল ভাৰতী আৰু তেওঁৰ স্বামী প্ৰতিযোগীসকলৰ স’তে কিছু ধেমালি আৰু ফাইনেলৰ আগতে বিগ বছ ঘৰখন উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰা কিছু পাতল কৰা। খণ্ডটোত ভাৰতী সিঙে প্ৰতিযোগীসকলৰ সন্মুখত প্ৰকাশ কৰা দেখা গ’ল যে তেওঁ ৰাখী সাৱন্তৰ স্বামী ৰীতেশক লগ পাইছিল ।

ভাৰতীয়ে কয় যে তেওঁ ৰীতেশক এবাৰ ভিডিঅ’ কলত দেখিছিল আৰু ৰাখীয়ে সেইটো নিশ্চিত কৰে।ৰাখিয়ে ইউকেৰ এজন ব্যৱসায়ী ৰীতেশৰ স’তে বিয়া কৰা বুলি দাবী কৰে কিন্তু তেওঁ কেতিয়াও তেওঁৰ স্বামীৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰা দেখা নাযায় ।ভাৰতীৰ উপৰিও, পূৰ্বে ৰাখীৰ মাতৃ জয়া সাৱন্ত আৰু ভাতৃ ৰাকেশ সাৱন্তেও তাইৰ বিবাহ নিশ্চিত কৰিছে।

Exit mobile version