প্ৰেমৰ দিৱস উদযাপন কৰিব গৈ বিপদত পৰিল অভিনেতা বিবেক ওবেৰয়

959077 vivekoberoi priyankaalva challan bikeride

বলিউডৰ অভিনেতা বিবেকৰ বিৰুদ্ধে ১৯ ফেব্ৰুৱাৰীত মুম্বাইৰ জুহু আৰক্ষী থানাত মুখত মাস্ক নোহোৱাকৈ চলাৰ বাবে এজাহাৰ ৰুজু কৰা হৈছিল। মহাৰাষ্ট্ৰত জণসংক্ৰমণ পুনৰ বৃদ্ধি হোৱাৰ লগে লগে, প্ৰশাসনে ১৮ ফেব্ৰুৱাৰীৰ পৰা মাস্ক নিপিন্ধি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

সেই নিয়মৰ বাবেই বিপদত পৰিল অভিনেতা বিবেক।বিবেক ওবেৰয়ে ১৪ ফেব্ৰুৱাৰীত প্ৰেম দিৱস উপলক্ষে তেওঁৰ পত্নী প্ৰিয়ংকা অলভা ওবেৰয়ক স’তে বাইকত ফুৰিব যায়। বিবেকে ভিডিঅ’টো তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত প’ষ্ট কৰে।অভিনেতাজনে প’ষ্ট কৰা ভিডিঅ’টো বহুতে সংবাদ মাধ্যমত শ্বেয়াৰ কৰে আৰু ট্ৰেফিক আইন উলংঘন কৰাৰ বাবে অভিনেতাজনক তিৰস্কাৰ কৰে।

কিছুমান তাত প্ৰশ্ন কৰিছে যে তেওঁলোকে হেলমেট আৰু মাস্কৰ অবিহনে বাহিৰলৈ গৈছিল কিয়। তেওঁলোকৰ মতামত যে যুৱ প্ৰজন্মলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰাৰ বাবে অভিনেতাজনক জৰিমনা কৰা উচিত। সেই কথা মতেই অভিনেতাগৰাকীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। সান্তাক্ৰুজ ট্ৰেফিক পুলিচেও তেওঁৰ নামত ৫০০ টকাৰ ই-চালানৰ কৰে।

Exit mobile version