অৱশেষত অপেক্ষাৰ অন্ত পৰিল 

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰিণা কাপুৰ খানৰ ঘৰত আহিল নতুন আলহী 

kareena kapoor khan saif ali khan quadfather saba countdown

দেওবাৰে পুৱা মুম্বাইৰ ব্ৰিজ কেন্দি হস্পিটেলত এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে।২০২০ চনৰ আগষ্টত নতুন অতিথি আগমনৰ বাৰ্তা দিছিল ছেইফিনাই। শিশুটোৰ জন্মৰ কেইদিনমান পূৰ্বেই , ছেইফ আৰু কৰিণাই তেওঁলোকৰ নতুন ৰাজকীয় বাসগৃহত থাকিবলৈ আৰম্ভ কৰে।

উল্লেখ যোগ্য যে এটা লাইব্ৰেৰী, চুইমিং পুল নতুন অতিথিৰ বাবে নাৰ্চাৰী আৰু টাইমুৰৰ বাবে এটা পৃথক স্থানও তৈয়াৰ কৰা হৈছে । অন্ত:সত্বা সময়তো ঘৰত বহি থকা নাছিল অভিনেত্ৰীগৰাকী। ‘লাল সিংহ চড্ডা’ ছবিখনৰ বাবে শ্বুটিং কৰি আছিল।ছবিখনৰ বাবে স্বামী ছেইফ আৰু সন্তানৰ স’তে কেইদিনমানৰ বাবে দিল্লীলৈ উৰা মাৰিছিল কৰিণা ।

তেওঁক বিভিন্ন বিজ্ঞাপনৰ শ্বুটতো দেখা গৈছে। গৰ্ভধাৰণৰ সময়ত ফটো শ্বুট কৰি সেই ফটোবোৰ তেওঁৰ ইনষ্টাগম  প্ৰফাইলত প’ষ্ট কৰাও দেখা পোৱা যায়।কেৱল কামই নহয়, এইবাৰ নবাবৰ পত্নীয়ে ফেশ্বনকো গুৰুত্ব দিয়া পৰিলক্ষিত হয়।

Exit mobile version