এই কেইটা কাম কৰক আৰু শালমইনাৰ পৰা দূৰত থাকক

1 1

★চাফা পানীত দুচামুচ নেমুৰ ৰস মিলাই দিনটোত তিনিবাৰ মুখখন ধুব।

★গা ধোঁৱাৰ আগতে মুখত ভাল মুলটানি মাটি আৰু চন্দন মিহলাই লেপন দি ১০ মিনিটৰ পিছত মুখখন ধুই দিব।

★গৰু গাখীৰৰ লগত এচামুচ চন্দন, এচামুচ হালধি গুড়ি মিহলাই মুখত প্ৰলেপ লগাই লাহে লাহে মালিচ কৰি শুই থাকক। পুৱা ভালদৰে মুখখন ধুব।

★যিসকলৰ মুখত শালমইনা পকি থাকে, তেনে লোকে পকা বিলাহীৰ ৰস শালমইনাৰ ওপৰত সানি থ’ব, লাহে লাহে শুকাই যাব।

★শালমইনাৰ দাগ গুচাবলৈ কেঁচা হালধিৰ ৰস, তুলসীৰ ৰস আৰু মৌ একেলগে মিলাই দাগসমূহৰ ওপৰত লগালে দাগ নাইকিয়া হয়।

★পকা অমিতাৰ ৰস মুখত সানিলে শালমইনাৰ দাগ নাইকিয়া হয় আৰু মুখৰ ৰং উজ্জ্বল হয়। মহানিমৰ পাতৰ গুড়ি পানীত মিহলাই শালমইনা ধুলে শালমইনা বহি যায়।

★ছালকুঁৱৰীৰ বীজ শালমইনাত সানিলে ভাল হয়।

★খৰবুজৰ গুটি গৰুৰ গাখীৰৰ স’তে বটি শৰীৰত লগালে শালমইনা(ব্ৰণ) নাইকিয়া হয়।

★পদিনাৰ পাতৰ ৰস সেই ব্ৰণত লগালে ব্ৰণ শুকাই যায়।

★এচামুচ মূলাৰ ৰস আৰু এচামুচ তিয়ঁহৰ ৰস মিহলাই শৰীৰৰ ব্ৰণ হোৱা ঠাইত প্ৰলেপ সানি দিব। এঘন্টাৰ পিছত ঠাণ্ডা

★পানীৰে ইয়াক পৰিষ্কাৰকৈ ধুই দিব। নিয়মিতভাৱে এইদৰে ব্যৱহাৰ কৰিলে ব্ৰণ পৰিষ্কাৰ হয়।

★জামুৰ গুটি শুকুৱাই মিহিকৈ গুড়ি কৰি লওক। এতিয়া এই গুড়িৰ লগত পানী মিহলাই মিশ্ৰণ বনাই লওক। এই পেষ্ট ব্ৰণত লগালে ব্ৰণ শুকাই যায়।

★নিমৰ বীজৰ বাকলি গুচাই ভালদৰে পিচি গুড়ি কৰি লওক। ইয়াত অলপ দৈ মিহলাই শৰীৰত লগাই দিয়ক। ই শালমন বা ব্ৰণ পৰিষ্কাৰ কৰাত সহায় কৰে।

★এক লিটাৰ পানীত এচামুচ জিৰা দি উতলাই ল’ব। পানীখিনি ঠাণ্ডা হোৱাৰ পিছত, সেই পানীৰে শৰীৰটো ধুই দিব। এইদৰে নিয়মিতভাৱে ব্যৱহাৰ কৰিলে ব্ৰণ তথা বলিৰেখা নাইকিয়া হয়।

★এচামুচ বেচন আৰু আধা চামুচ শুকান নিমৰ পাত গুড়ি কৰি কেঁচা গাখীৰৰ স’তে মিহলাই মিশ্ৰণ এটা তৈয়াৰ কৰক। ইয়াক শৰীৰত লগাওক আৰু এঘন্টাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক।

★আধা চামুচ নেমুৰ ৰসত আধা চামুচ অলিভ অইল মিহলাই পুৱা-গধূলি ব্ৰণত লগাব।

★ব্ৰণ ওলোৱাৰ সময়ত অলপ সময়ৰ বাবে ব্ৰণৰ ওপৰত বৰফ ঘঁহি থাকিব। পিছত অলপমান লঙৰ তেল লগাই দিব। এনে কৰিলে ব্ৰণ ওলোৱা বন্ধ হয়।

★গা-ধোৱাৰ পূৰ্বে প্ৰতিদিনে শৰীৰত ভাপ লগাব লাগে। ভাপ ল’লে নোমৰ গুৰি ভালদৰে মুকলি হয়।সূৰ্যোদয়ৰ কোমল ৰ’দ শৰীৰত পৰিবলৈ দিব। পুৱাৰ সময়ত

★সূৰ্যৰ পৰা ওলোৱা ৰশ্মিয়ে ব্ৰণ দূৰ কৰে। তদুপৰি প্ৰতিদিনে অন্ততঃ ৭ৰ পৰা ৮ গিলাচ পানী খোৱা আৱশ্যক। তেলত ভজা, জলাযুক্ত, মছলা দিয়া মিঠা আঞ্জা বা তৰকাৰী খোৱাৰ পৰা বিৰত থাকক। চাহ, কফি, কোলা, ছফট ড্ৰিংকছ, চকালেট, আইচক্ৰীম, ময়দাৰে প্ৰস্তুত কৰা খাদ্য, মিঠাই, আচাৰ, টেমাত পেকেট কৰা খাদ্য, বাহী আহাৰ আদি খোৱা বন্ধ কৰক।

★তামোল, গুটখা, চাধা, মদ, চিগাৰেট আদি নিচাযুক্ত সামগ্ৰী খোৱা বন্ধ কৰক।

★নিশা শোৱাৰ সময়ত মেকআপ আঁতৰাই পেলাব।

★ব্ৰণত পিন, বেজী অথবা কাঁইট আদিৰে খুচিব নালাগে। ইয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে।গৰম পানীত কাপোৰ তিয়াই ব্ৰণৰ ওপৰত সেক লগালে আৰাম পোৱা যায়।

Exit mobile version