দাঁতৰ বিষ নিৰাময় কৰাৰ ঘৰুৱা উপায়

Four home remedies to get rid of a toothache when you cant see a dentist

★ ভীমকলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায় বিষ হোৱা দাঁতেৰে কামুৰি ধৰিলে বিষ নাইকিয়া হয়।

★ বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।

★ মৰাণ আদা খুন্দি দাঁতেৰে চোবাই কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দূৰ হয়।

★ পাঁচটা টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব লাগে।এনে কৰিলে দাঁতৰ বিষ ভাল হয়।

★ পাঁচটা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা পাঁচটা লং পিহি এগিলাচ পানীত মিশ্ৰণ কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।

★ সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।

★ পিপলীৰ গুড়া, ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্ৰলেপ দিব লাগে।

★ ভেদাইলতাৰ গুটি পিহি দাঁত মাজিলে বিষ কমে।

★ হিং এটুকুৰা দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয়।

★ ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে।

★ বগা লাটুমণিৰ শিপা কামুৰি থাকিব লাগে।

★ কুমলীয়া এচাৰি জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।

Exit mobile version