নিম পাতৰ কিছু ঔষধি গুণ

1560595693 gettyimages 1151187384 170667a.v1

★ নিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি ।

★ নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।

★ নিমৰ কোমল পাতৰ গুড়ি পাঁচ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।

★ জণ্ডিছ আৰু বহুমূত্র ৰোগত নিমপাতৰ ৰস খালে বা নিমপাতৰ আঞ্জা খালে সুফল পোৱা যায়।

★ মহানিমৰ পাত সিজাই চেঁচা হ’লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।

★ সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।

★ মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।

★ সকলো প্রকাৰৰ জ্বৰ, কাহ কফ আদিৰ পৰা প্রৰিত্রাণ পাবলৈ মহানিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত।

★ তেজ বমি হ’লে বা এনে বদহজম হৈ বমি হ’লে নিম পাতৰ ৰস খালে বন্ধ হয়।

★ যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।

★ দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।

★ মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।

★ নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, এই বোৰ নহয়।

★ নিমৰ গুটি বা পাত চূর্ণ কৰি খালে কৃ্মি,বাত, অর্শ, কুষ্ঠ বাতৰক্ত আৰু প্রমেহ ৰোগ নিৰাময় কৰিব পাৰে।

★ বাতৰক্ত কুষ্ঠ ৰোগত নিমপাত কেঁচা হালধি বটি প্রলেপ দিলেও সুফল পোৱা যায়।

★ চকুত চানি পৰা ৰোগ হ’লে মহানিমৰ পাতৰ ৰস গৰুৰ গাখীৰৰ লগত মিহলাই খালেও সুফল পাব পাৰি বুলি কোৱা হয়।

★ নিমতেল গাত ঘঁহিলেও বা ভৰি-হাতত ভালদৰে ঘঁহিলেও গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়।

Exit mobile version