আমাজনৰ নতুন চিৰিজ তাণ্ডৱ কাণ্ডৰ অভিযোগত চাৰি ঘন্টা ধৰি জেৰা কৰিলে আমাজনৰ অধিনায়কক

তাণ্ডৱ কাণ্ডৰ অভিযোগত আমাজন ইণ্ডিয়াৰ এক অধিনায়কক উত্তৰ প্ৰদেশ আৰক্ষীয়ে চাৰি ঘণ্টাৰ ধৰি জেৰা অব্যাহত ৰাখে।তেওঁলোকৰ অটিটি মঞ্চৰ এই নিৰ্দিষ্ট ৱেব ছিৰিজ হিন্দু ধৰ্মক অপমান কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। ইয়াৰ ফলত দেশবাসীৰ মাজত সৃষ্টি হৈছে ক্ষোভৰ ।

ছেইফ আলী খান, ডিম্পল কাপাডিয়া, মহম্মদ জিশান আয়ু প্ৰমুখ অভিনীত তাণ্ডৱৰ বিৰুদ্ধে দেশৰ একাধিক ৰাজ্যৰ আৰক্ষী বিভাগত গোচৰ ৰুজু কৰা হৈছে লগতে কলা কৈশলীৰ নামতো বিভিন্ন ৰাজ্যত দাখিল কৰা হৈছে এফআইআৰ।ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি)একাধিক নেতাই একে অভিযোগত তাণ্ডৱ ছিৰিজৰ অভিনেতা অভিনেত্ৰী আৰু প্ৰযোজকসকলক গৰিহণা দিছে ।

ইফালে ছেইফ আলী খান আৰু মহম্মদ জিশানক এই সন্দৰ্ভত ভাবুকিও দিয়া হয়।মঙ্গলবাৰে চাৰি ঘণ্টা ধৰি অটিটি প্লেটফৰ্মৰ বিষয়বস্তুৰ অধিনায়ক অপৰানা পুৰোহিতক জেৰা কৰা হয়  আৰক্ষী থানা এৰি যোৱাৰ পিছত সাংবাদিকক কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল অপৰানা পুৰোহিতে।

উল্লেখযোগ্য যে অপৰানাই আৰক্ষীক কয় জানুৱাৰীত ছিৰিজখন মুকলি হোৱাৰ পিছতেই ক্ষমা বিচাৰিবলৈ এখন বিবৃতি জাৰি কৰা হৈছিল। তদুপৰি,যি কেইটাৰ দৃশ্য ওপৰত অভিযোগ উত্থাপিত হৈছিল সেই কেইটা দৃশ্য ইতিমধ্যে তাণ্ডৱ ছিৰিজ খনৰ পৰা আঁতৰাই দিয়া হৈছে ।

Exit mobile version