কৰ’না পৰিস্থিতিত অসামৰিক সেৱা পৰীক্ষাত বহিবলৈ ব্যৰ্থ হ’লেও পুনৰ সুযোগ দিয়া নহ’ব

জনালে উচ্চতম ন্যায়ালয়ে

supremecourtofindia

কৰ’না পৰিস্থিতিৰ বাবে অসামৰিক সেৱা পৰীক্ষাত বহাৰ অন্তিম সুযোগ হেৰুৱালেও অতিৰিক্ত সুযোগ দিয়া নহ’ব । আজি এই বিষয়ত এখন আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে জনায় ।এই বিষয়ত এজন শিক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালয়ক আবেদন কৰিছিল ।

বিগত বৰ্ষৰ অক্টোবৰত তেওঁ তেওঁৰ অসামৰিক সেৱা পৰীক্ষাত বহাৰ অন্তিমটো সুযোগ ব্যৱহাৰ কৰে । ন্যায়ালয়ক পৰীক্ষাৰ্থীজনে আবেদন কৰে, তেওঁক আৰু এটা সুযোগ প্ৰদান কৰক । যুক্তি হিচাপে তেওঁ ন্যায়ালয়ক কয়, ক’ভিড অতিমাৰীৰ ফলত দেশজুৰি তলাবন্ধ হোৱাৰ বাবে তেওঁ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছিল ।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে তেওঁক জনায়, ক’ভিড পৰিস্থিতিয়ে অসামৰিক সেৱা পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীকে সমভাৱে প্ৰভাৱিত কৰিছে । এতিয়া যদি সুযোগ শেষ হোৱা পৰীক্ষাৰ্থীসকলক কৰ’না পৰিস্থিতিৰ বাবে অতিৰিক্ত সুযোগ দিয়া হয়, তেনেহ’লে এনে‌ সুযোগ বিচাৰি আবেদন আহিয়ে থাকিব ।

অনুশ্ৰী কপাডিয়া নামে এই পৰীক্ষাৰ্থীগৰাকীৰ আবেদন শুনিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এম ৰস্ত’গিয়ে । পৰীক্ষাৰ্থীৰ হৈ অধিবক্তাই ন্যায়ালয়ত যি যুক্তি দৰ্শোৱাইছিল, তাৰ প্ৰশংসা কৰি ৰস্ত’গিয়ে কয়, ‘আপুনি আপোনাৰ যুক্তিসমূহ নিয়াৰিকৈ উত্থাপন কৰিছে ।

বিষয়বোৰো স্পষ্টকৈ জনাইছে ।’ কিন্তু ইয়াৰ পাছতো অনুশ্ৰীক অসামৰিক সেৱা পৰীক্ষাত বহাৰ অতিৰিক্ত সুযোগ প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে ।সাধাৰণ শ্ৰেণীভুক্ত পৰীক্ষাৰ্থীসকলে ৩২ বছৰ বয়সলৈকে ছয়বাৰ অসামৰিক সেৱা পৰীক্ষাত বহাৰ সুবিধা লাভ কৰে ।

অন্যান্য পিছপৰা শ্ৰেণীভুক্ত পৰীক্ষাৰ্থীসকলে ৩৫ বছৰ বয়সলৈকে ন বাৰ পৰীক্ষাত বহাৰ সুযোগ লাভ কৰে । অনুসূচীত জাতি আৰু জনজাতিৰ শ্ৰেণীভুক্ত পৰীক্ষাৰ্থীসকলে ৩৭ বছৰ বয়সলৈকে ইচ্ছা অনুসৰি পৰীক্ষা দিব পাৰে ।বিগত বৰ্ষৰ কৰ’না পৰিস্থিতিৰ বাবে এই ধৰণৰ চৰকাৰী আমোলা আৰু কৰ্মচাৰী নিয়োগৰ পৰীক্ষাৰ্থীসকলৰ সমস্যাৰ কথা ভাবিয়েই কেন্দ্ৰই প্ৰথমে সিদ্ধান্ত লৈছিল যে, পৰীক্ষাৰ্থীৰ বয়স যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত থাকে, তেন্তে অতিৰিক্ত সুযোগ দিয়া হ’ব পৰীক্ষাৰ্থীক ।অনুশ্ৰীৰ ক্ষেত্ৰত ‌তেওঁৰ বয়ঃসীমা অতিক্ৰম হৈ যোৱাৰ বাবে ন্যায়ালয়ে বিষয়টোত কোনো বিশেষ সুবিধাৰ কথা নাভাবি তেওঁৰ বিষয়বস্তুৰ ভিত্তিতে ৰায় দান কৰে ।

Exit mobile version