ধুবুৰীত পথ দুৰ্ঘটনাত আহত পিতা পুত্ৰ

download 7

ধুবুৰীত আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত পিতৃৰ হাত আৰু পুত্ৰৰ ভৰি চিঙি যায় । ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী ।

গুৰুতৰ ভাৱে আহত পিতা পুত্ৰই বৰ্তমানে ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল  যদিও দুয়োৰো অৱস্থা অতি সংকটজনক হোৱা বাবে ধুবুৰীৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ধুবুৰী – গৌৰীপুৰৰ গুৰু টেগ বাহাদুৰ পথৰ অৱস্থা বেয়া হোৱাৰ বাবেই আজি বনুৱাই ৰাস্তাৰ কাম কৰি থকাৰ সময়তে ধুবুৰীৰ পৰা গোলকগঞ্জ অভিমুখী বাইকেৰে পিতা পুত্ৰই গৈ থকা অৱস্থাত বিপৰীত দিশে আহি থকা AS -17C /1375 নম্বৰৰ তীব্ৰ বেগি  ট্ৰাকখনে ১৭/ ৬৯১৬ নম্বৰৰ বাইক আৰহিক খুন্দা মাৰে ফলত গুৰুতৰভাৱে আহত  পিতা পুত্ৰ । স্থানীয় ৰাইজে দুয়োকো ধুবুৰীৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে।

আহত পিতা পুত্ৰ ক্ৰমে- ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা তৃতীয় খণ্ড গাঁৱৰ পিতৃ নলেশ্বৰ ৰায় (৭২), পুত্ৰ নিৰঞ্জন ৰায়(৩৮) ।

একাংশ ৰাইজে অভিযোগ কৰা মতে, লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে পথ দুৰ্ঘটনাটো সংঘটিত হৈছে । দীৰ্ঘদিন ধৰি জিলা প্ৰশাসন আৰু ধুবুৰীৰ লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে উক্ত পথ চোৱা বেয়া হৈ আছিল।

Exit mobile version