ধুবুৰীত পশ্চিম বংগৰ চিলনী চোৰ আটক

images 7

আজি ধুবুৰী চহৰৰ মুখ্য অঞ্চল “চক বজাৰ”ত  পশ্চিম বংগৰ চিলনী চোৰ এজনক আটক কৰে ধুবুৰী আৰক্ষীয়ে।

ধুবুৰী চহৰত ভৰি পৰিছে পশ্চিম বংগৰ চিলনী চোৰৰ এটা চক্ৰ । দিন দুপৰতে হাতৰ পৰা টকাৰ বেগ লৈ পলায়ন পশ্চিম বংগৰ চোৰ।
দক্ষিণ শালামাৰা – মানকাচৰ জিলাৰ ঝাওদাঙা অঞ্চলৰ  সাহাজাহান আলী নামৰ যুৱক এজনে  ধুবুৰী চহৰৰ চক বজাৰত নিজৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল । সামগ্ৰী ক্ৰয় কৰি থকাৰ সময়তে হাতৰ পৰা টকাৰ বেগ লৈ পলায়ন কৰিবলৈ  চেষ্টা কৰে যদিও, পলায়ন কৰাৰ সময়তে ৰাইজে আটক কৰি উত্তম মাধ্যম দি ধুবুৰী আৰক্ষীক চমজাই দিয়ে।

ধৃত চোৰজন  পশ্চিম বংগৰ জপাইগুড়ি জিলাৰ জপাইগুড়ি থানাৰ অন্তৰ্গত ফাটাপুৰ   অঞ্চলৰ ঋষি গোৱালৰ পুত্ৰ  “ৰতীপ গোৱাল” বুলি স্বীকাৰ কৰে আৰক্ষীৰ ওচৰত।

ধুবুৰী চহৰত ধুবুৰী আৰক্ষীৰ চকুত ধুলি দি গিজগিজাই ফুৰিছে পশ্চিম বংগৰ এটা বৃহৎ চিলনী চোৰৰ দল ।

সম্প্ৰতি, ধুবুৰী আৰক্ষীয়ে   ধৃত চোৰজনৰ পৰা দুটাকৈ বাইকৰ লকাৰ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে, জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version