ঐতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত এন.চি.চি সপ্তম অসম আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এ.টি.চি কেম্পৰ আয়োজন

WhatsApp Image 2021 02 26 at 1.04.19 PM 2

নামনি অসমৰ প্ৰখ্যাত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সপ্তম অসম বেটেলিয়ন আৰু মহাবিদ্যালয় ইউনিটৰ সহযোগত এখনি পাঁচ দিনীয়া(২২ – ২৬ ফেব্ৰুৱাৰী) এ.টি.চি.কেম্পৰ আয়োজন কৰা হৈছে । বিশেষকৈ ‘বি’ আৰু ‘চি’ প্ৰমাণপত্ৰৰ বাবে জৰুৰী এই কেম্প উদঘাটন কৰে কমাণ্ডেণ্ট আৰ পি দহিয়াই।

নামনি অসমৰ বৰপেটা , নলবাৰী, কোকৰাঝাৰ আদি জিলাৰ মহাবিদ্যালয়ৰ পৰা সৰ্বমুঠ ৩৭২ গৰাকী কেডেটে ভাগ লোৱা এইখন কেম্পত চাৰিজন এ.এন.অ’ আৰু বহুকেইজন পি.আই. ষ্টাফে কেডাৰসকলক পৰীক্ষা উপযোগী বিভিন্ন শ্ৰেণী লয় । ইয়াৰ উপৰিও পি.টি. ড্ৰিল আৰু অন্যান্য শাৰীৰিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । লগতে পাঁচ ৰাউণ্ড ফায়াৰিঙ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে ।

কালি ‘বি’ পৰীক্ষাৰ কেডাৰসকলৰ প্ৰশিক্ষণৰ অন্ত পৰে যদিও ২৬ তাৰিখলৈ ‘চি’ পৰীক্ষাৰ কেডাৰসকলৰ প্ৰশিক্ষণ অব্যাহত থাকিব বুলি লেফ্টেনেন্ট ড° চন্দ্ৰ শেখৰ উপাধ্যায়ে জানিবলৈ দিয়ে । ড° উপাধ্যায়ে কেডাৰসকলৰ উপস্থিতিয়ে যথেষ্ট উৎসাহ প্ৰদান কৰিছে বুলি উল্লেখ কৰে । সকলো কেডাৰকে প্ৰমাণপত্ৰৰ ব্যৱস্থাৰে নিয়াৰিকৈ কেম্প সম্পাদনাত গুৰুত্ব দিয়া হ’ব বুলি ড° উপাধ্যায়ে সাংবাদিক জানিব দিয়ে ।

Exit mobile version