ফ্ৰেন্স বিনৰ উপকাৰিতা

জানো আহক

greenbeans

■ ফ্ৰেন্স বিনত জিয়া-জেনথিন নামে এবিধ সুপথ্য কেৰ’টিনইড উপলব্ধ যিয়ে তাৰ শক্তিশালী এণ্টিঅ’ক্সিডেণ্ট ক্ৰিয়াকলাপৰ দ্বাৰা ক্ষতিকাৰক ইউভি বিকিৰণৰ পৰা আমাৰ চকুক সুৰক্ষা প্ৰদান কৰে ।
■ ফ্ৰেন্স বিন ফ’লেট সমৃদ্ধ, যিয়ে গৰ্ভাৱস্থাত গ্ৰহণ কৰিলে ভ্ৰুণক নিউৰেল টিউব ত্ৰুটিৰ পৰা ৰক্ষা কৰে ।
■ ই ভ্ৰুণৰ হৃদযন্ত্ৰৰ সুস্থ বিকাশত সহায় কৰে আৰু পৰৱৰ্তী সময়ত হাপানি ৰোগৰ পৰা ৰক্ষা কৰে ।

■ ফ্ৰেন্স বিনৰ উচ্চ সুপথ্য ফাইবাৰৰ উপস্থিতিয়ে শৰীৰৰ উচ্চ ক’লেষ্ট’ৰেলৰ মাত্ৰা হ্ৰাস কৰে ।
■ ফ্ৰেন্স বিনত থকা পটেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ।
■ আমাৰ সুপথ্য আহাৰত ফ্ৰেন্স বিনৰ অন্তৰ্ভুক্তিয়ে শৰীৰৰ ৰক্তত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি ৰাখে ।

■ ফ্ৰেন্স বিনত ভিটামিন চি উপলব্ধ যিয়ে শক্তিশালী এণ্টিঅ’ক্সিডেণ্ট হিচাপে কাম কৰে ।
■ ই শৰীৰৰ ৰোগ ‌প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে ।
■ ফ্ৰেন্স বিনত থকা কেলচিয়ামে আমাৰ হাড় শক্তিশালী কৰে ।

Exit mobile version