শ্বেয়াৰ বজাৰ নিম্নগামী, ছেনছেক্স নিম্নগামী হ’ল প্ৰায় দুহেজাৰ পইণ্টৰ

নিফটিটো ভয়াবহ পতন

shutterstock 38338396

ভয়াবহ পতন শ্বেয়াৰ বজাৰত । মুম্বাই শ্বেয়াৰ সূচক ছেনছেক্স নিম্নগামী হ’ল প্ৰায় দুহেজাৰ পইণ্টত । লগতে প্ৰায় ৫৭০ পইণ্ট পতন নিফটিটো । শতাংশৰ হিচাপত দুই সূচকতেই প্ৰায় ৩.৮ শতাংশ । কৰ’নাৰ পৰৱৰ্তী পৰিস্থিতিতো এনে পতনৰ সন্মুখীন হোৱা নাছিল শ্বেয়াৰ বজাৰ । আমেৰিকাৰ ‘ট্ৰেজাৰী ইল্ড’ৰ ওপৰত সুত বৃদ্ধিৰ বাবে বিশ্বৰ বজাৰেই সম্প্ৰতি নিম্নমুখী । ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰতো ।

আজি খোলাৰ সময়ৰ পৰাই নিম্নমুখী শ্বেয়াৰ বজাৰ । বৃহস্পতিবাৰতকৈ ৭৮০ পইণ্টৰো অধিক নিম্নগামী হৈ ছেনছেক্স খোলে ৫০,২৫৬.৭১ পইণ্টত । দিনত আটাইতকৈ বেছি নিম্নগামী হৈছে ৪৮,৮৯০.৪৮ত । সৰ্বনিম্ন পতন ২১৪৮.৮৩ পইণ্ট । একেই অৱস্থা নিফটিৰো । সৰ্বনিম্ন পতন ৬২৯.৬ পইণ্ট । দিনৰ অন্তত ছেনছেক্স বন্ধ‌ হৈছে ৪৯,০৯৯.৯৯, পতন ১৯৩৯.৩২ পইণ্ট । নিফটি বন্ধ হৈছে ১৪,৫২৯.১৫ত । ছেনছেক্স নিম্নগামী হৈছে ৩.৮ শতাংশ, নিফটি ৩.৭৬ শতাংশ ।

কৰ’নাৰ পাছৰ পৰাই আমেৰিকাত ‘ট্ৰেজাৰী ইল্ড’ৰ ওপৰত সুদৰ হাৰ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে সেই হাৰ আৰু বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে জ’ বাইডেন চৰকাৰে ।

Exit mobile version