চূড়ান্ত হʼব অগপ বিজেপিৰ আসন বুজাবুজি

কংগ্ৰেছৰ মন্ত্ৰীয়ে জয়গুৰু শংকৰ নকয়ঃ ৰঞ্জিত দাস

WhatsApp Image 2021 02 27 at 5.40.32 PM

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত ব্যাপক উৎকন্ঠাই বিৰাজ কৰি থকাৰ সময়তে আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে পাটাছাৰকুচি সমষ্টিৰ কে’বাখনো সভাত অংশ গ্ৰহণ কৰে । আজি নিশা অগপ আৰু বিজেপিৰ এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব। এই সভাতে দুয়োটা দলৰ প্ৰথম পৰ্য্যায়ৰ আসনসমূহ বুজাবুজি হ’ব আৰু আজি নিশা বা কালিৰ ভিতৰত আসন চূড়ান্ত হ’ব বুলি মন্তব্য কৰে।

আজি বজালী জিলাৰ অন্তৰ্গত দৈশিঙৰী আঞ্চলিক ৰাইজ আৰু বজালী জিলা কোঁচ ৰাজবংশী সংগ্ৰামী মঞ্চৰ সহযোগত
দৈশিঙৰী গাঁৱত ত্ৰলোক্য দাসৰ সভাপতিত্বত ৫১১তম বীৰ চিলাৰায় দিৱসৰ মুকলি সভা অনুষ্ঠিত হয় । বজালী কোচ ৰাজবংশী সংগ্ৰামী মঞ্চৰ সভাপতি কুশল ৰয়ে সভাখন আত ধৰে । সভাৰ অন্তত সাংবাদিকৰ স’তে হোৱা কথা বতৰাত আৰ জে ডিৰ সভাপতি তেজস্বী যাদবে অসমত বাহৰ পাতী কোনো লাভ নাই বুলি তাৎচিল্য কৰে।

ৰঞ্জিত দাসে কংগ্ৰেছৰ মন্ত্ৰীয়ে কেতিয়াবা জয়গুৰু শংকৰ কৈ পাইছে নেকি বুলি প্ৰদ্যুৎ বৰদলৈক তাৎচল্য কৰে। অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতি সম্পন্ন গায়িকা তথা অগপ নেত্ৰী কল্পনা পাটোৱাৰী, অগপ নেতা পৰমানন্দ ৰাজবংশী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অগপ নেতা ড° ৰনজিৎ ডেকা, বিজেপি নেতা ফনী পাঠক, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস, অগপ নেতা ধৰ্মেশ্বৰ ৰয় আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাৰ পূৰ্বে পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, মাল্যাপন, বৃক্ষৰোপনৰ পাছত পাটাছাৰকুচিৰ প্ৰাক্তন বিধায়ক মোহন চন্দ্ৰ দাস সোঁৱৰণী পাঞ্জা উদ্ধোধন কৰে যুৱ সমাজকৰ্মী হিমাংকন দাসে। ইয়াৰ পাছত বজালীৰ দুই বীৰ শ্বহীদ মদন ৰাউতা আৰু ৰাউতা ৰাম কোচৰ পৰিয়ালক সম্বধনা জনোৱা হয় । সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত বহু শিল্পীয়ে সংগীত পৰিৱেশন কৰে।

Exit mobile version