মৌ খাওক সুস্থ থাকক

gettyimages 183354852 1558479028

★খালি পেটত নেমু ও মৌ গৰম পানীত দি পান কৰিলে শৰীৰৰ অলাগতিয়াল ওজন হ্রাস পায়।

★মৌজুলত চেনীতকৈয়ো বহু বেছি কেলৰি থাকে। গৰম পানীত মৌ দি পান কৰিলে ই আপোনাৰ দেহত সঞ্চিত ফ্যাটবোৰ হজম কৰাত সহায় কৰে।

★মৌজুলে মানৱ দেহৰ অন্ত্রৰ (intestines) উপকাৰী বেকটেৰিয়াবোৰ বিস্তাৰিত কৰাত সহায় কৰে।

★মৌজুলে শৰীৰত শক্তি যোগায় আৰু ক্লান্তি হ্রাস কৰে।

★নিয়মিত গাজৰৰ ৰসৰ সৈতে 2 চাহ চামুচ মৌ মিহলাই পান কৰিলে দৃষ্টিশক্তি অটুট থাকে আৰু কমাজনৰ বৃদ্ধি পায়‌।

★ মৌজুল খালে ঠাণ্ডাত হোৱা ডিঙিৰ বিষ নিৰ্মূল হয়।

★মৌজুলে শৰীৰৰ ৰক্ত ​​সঞ্চালন উন্নিত কৰে ফলত হৃদৰোগৰ সম্ভৱনা কমি আহে।

★সামান্য জুইয়ে পুৰিলে ই প্রশমিত কৰিব পাৰে। যিহেতু মৌত আছে জীৱাণুমুক্ত কৰিব পৰা গুণ। আক্রান্ত ক্ষতস্থানত মৌ আৰু নহৰুৰ এটি সাধাৰণ মিশ্রণ প্রয়োগ কৰিলে সুফল পোৱা যায়।

★মৌজুলে দেহত হোৱা প্রদাহ(inflammation) তথা বিষ হ্রাস কৰে।

★মৌত যথেষ্ট ফাইটোনিউট্রিয়েন্টচ্ পোৱা যায়, সেয়েহে মৌয়ে কেঞ্চাৰকো প্রতিৰোধ কৰিব পাৰে।

★মানুহৰ সাৰ্বজনীন এটি সমস্যা বদহজম তথা এচিডিটি, মৌ নিয়মিয়াকৈ আহাৰ গ্ৰহণ কৰাৰ পাছত খালে এনে সমস্যাৰ পৰা মুক্তি পোৱা যায়।

★ মৌৱে তেজত শ্বেত ৰক্ত ​​কণিকাৰ সংখ্যা বৃদ্ধি ও সংৰক্ষণ কৰে।

Exit mobile version