বজালীৰ পাঠশালাত নিবনুৱা সমস্যা সমাধানৰ দাবীত পাঠশালা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

WhatsApp Image 2021 03 01 at 4.41.21 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বজালী জিলাৰ সদৰ পাঠশালাতো বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি নিবনুৱা সমস্যা সমাধানৰ দাবীত পাঠশালাত কংগ্ৰেছ দলৰ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

ADVERTISEMENT

বজালী আৰু ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সহযোগত বজালী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সম্মুখত এই প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ কৰ্মী সকলে ৰূপায়ন কৰে ।

অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মী সকলে ৩০ খন নতুন আইটিআই কʼত আছে কোৱা ভাই, ২০ লাখ চাকৰি কʼত গʼল, আদি বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কংগ্ৰেছৰ উপ সভাপতি গিৰিশ পাটগিৰি, বজালী ব্লক কংগ্ৰেছৰ সভাপতি অৰুন দাস, কাৰ্যকৰী সভাপতি ধীৰাজ কলিতা, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসৰ লগতে কে’বাগৰাকীও দʼলৰ নেতাই অংশ গ্ৰহণ কৰে ।

Exit mobile version