অটোৰ ওপৰতে নিৰ্মাণ হ’ল ভ্ৰাম্যমাণ বাসগৃহ

চেন্নাইৰ স্থপতিবিদক বিচাৰি ফুৰিছে মহিন্দ্ৰাই

autorickshaw house cover

এখন পথাৰত থিয় হৈ আছে এখন অটোৰিক্সা । এই অটোখনৰ ওপৰতে আছে এটা ঘৰ । সেই ঘৰটো আকাৰত সৰু হ’লেও বসবাসৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাই তাত আছে এই ধৰণৰ ভ্ৰাম্যমাণ বাসগৃহৰ একাংশ ফটো সম্প্ৰতি নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই । ইয়াৰ পাছতে এই অভিনৱ বাসগৃহটোক লৈ ব্যাপক চৰ্চা হৈছে সামাজিক মাধ্যমত ।

প্ৰাপ্ত তথ্য অনুসৰি, অটোৰিক্সাৰ ওপৰত এই ঘৰটো নিৰ্মাণ কৰিছে চেন্নাইৰ স্থপতিবিদ অৰুণ প্ৰভুৱে । টুইটাৰত দিয়া তথ্য অনুসৰি, এই ঘৰটো নিৰ্মাণত ব্যয় হৈছে এক লাখ টকা । সচৰাচৰ ডাঙৰ আকাৰৰ স্থাপত্যক লৈয়ে সাধাৰণ মানুহৰ মাজত চৰ্চা হয় । কিন্তু এই সামান্য স্থানতে এই অসাধাৰণ সৃষ্টিয়ে মন জয় কৰিলে মহিন্দ্ৰা কোম্পানীৰ ‌অধ্যক্ষৰ । ক’ভিড পৰৱৰ্তী যুগত এই ধৰণৰ ভ্ৰাম্যমাণ গৃহৰ গুৰুত্বও দেখা গৈছে মহিন্দ্ৰাৰ লেখাত ।

এই অভিনৱ ঘৰটোৰ ফটো প’ষ্ট কৰি মাহিন্দ্ৰাই লিখিছে, ‘সামান্য স্থানৰ ক্ষমতা বুজাবলৈকে অৰুণে এই কাম কৰিছে । কিন্তু এই সৃষ্টিয়ে এটা ডাঙৰ প্ৰৱণতাকো দাঙি ধৰিছে । ক’ভিড পৰৱৰ্তী সময়ত ভ্ৰাম্যমান হৈ থকাৰ ইচ্ছাপূৰণ কৰাত সক্ষম এই গৃহটো ।’

স্থপতিবিদ প্ৰভুৰ স’তে কোনোবাই তেওঁক যোগাযোগ কৰি দিব পাৰিব নেকি বুলিও মহিন্দ্ৰাই সামাজিক মাধ্যমকাৰীক আহ্বান জনাইছে । এই ধৰণৰ বাসগৃহ বলেৰ’ পিকআপ ভানৰ ওপৰত প্ৰভুৱে নিৰ্মাণ কৰিব পাৰিব নেকি বুলিও তেওঁ জানিব বিচাৰিছে ।

Exit mobile version