কৰ’নাৰ প্ৰকোপত প্ৰভাৱ পৰিছে শিক্ষা ব্যৱস্থাত

ভাৰতসহ বহু দেশেই হ্ৰাস কৰিছে শিক্ষাখণ্ডলৈ পুঁজি আৱন্টন

d41586 020 02973 3 18510162

কৰ’না অতিমাৰীৰ বাবে নিম্ন-মধ্য অর্থনীতিৰ দেশসমূহে নিজৰ শিক্ষাখণ্ডৰ বাজেটত আবণ্টন হ্রাস কৰিছে ৬৫ শতাংশ। আনহাতে, উচ্চ আৰু উচ্চ-মধ্য অর্থনীতিৰ দেশসমূহেও এই খাটাত ৩৩ শতাংশ আবণ্টন হাস কৰিছে । সম্প্রতি এক প্রতিবেদনত এই দাবী কৰিছে বিশ্ব বেংকে।

এই বিষয়টোক লৈ ইউনেস্ক’ৰ ‘গ্ল’বেল এডুকেন মণিটৰিং’ (জিইএম)ৰ স’তে যৌথভাৱে এক সমীক্ষা চলাইছিল বিশ্ব বেংকে। ক’ভিডৰ প্রকোপে শিক্ষাখণ্ডৰ বাজেটত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে, সেই সন্দৰ্ভতে তেওঁলােকে ২৯খন দেশত এই সমীক্ষা চলায়। তাৰ ভিতৰত যিদৰে আছে নিম্ন অর্থনীতিৰ দেশ আফগানিস্তান, ইথিঅ’পিয়া আৰু উগাণ্ডা, সেই দৰেই আছে নিম্ন-মধ্য অর্থনীতিসম্পন্ন বাংলাদেশ, মিছৰ, ভাৰত, নেপাল, পাকিস্তান, মক্কোৰ দৰে ১৪খন দেশ।

আনকি আর্জেন্টিনা, ব্রাজিল, কলম্বিয়া, মেক্সিকোৰ দৰে ১০খন উচ্চ-মধ্য অর্থনীতিসম্পন্ন দেশতাে এই সমীক্ষা চলােৱা হয়। প্রতিবেদনত কোৱা হৈছে যে যি সমূহ দেশৰ শিক্ষাখণ্ডত কর্তন কৰা হৈছে, তেওঁলােকে পুনৰ সেই খাতাত কিমান আবণ্টন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব সেয়া স্পষ্ট নহয়।

অৱশ্যে শিক্ষা ব্যৱস্থাক পুনৰ মসৃণ পথলৈ অনাৰ বাবে যিমান আবণ্টন জৰুৰী, তাৰ ঠিক বিপৰীত কার্য ঘটিছে অধিকাংশ দেশত। ভাৰতৰ ক্ষেত্ৰত যিদৰে শিক্ষা মন্ত্রণালয়ৰ বাবে বাজেটত ছয় শতাংশ আবণ্টন হ্রাস কৰা হৈছে। ৯৯ হেজাৰ ৩১১ কোটি টকাৰ পৰা কমাই কৰা হৈছে ৯৩ হেজাৰ ২২৩ কোটি টকা।

কৰ’নাৰ বাবে যিদৰে বিশ্বৰ অর্থনীতিত প্ৰভাৱ পৰিছে, সেইদৰে প্ৰভাৱ পৰিছে শিক্ষা ব্যৱস্থাতাে। অব্যাহত আছে। অনলাইন পাঠদান। কৰ’নাৰ চৰম পৰ্যায়ত শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ বাবে শিক্ষার্থীসকলৰ শ্ৰেণীকোঠাৰ পাঠ গ্রহণ ক্ষতিগ্রস্ত হয়। অৱশ্যে লাহে লাহে বহু দেশৰ শিক্ষা প্রতিষ্ঠানসমূহ খুলিবলৈ আৰম্ভ কৰিছে।

শিক্ষা ব্যৱস্থাটো ক্রমান্বয়ে স্বাভাৱিক পথলৈ আহিবলৈ আৰম্ভ কৰিছে। কিন্তু ক’ৰনাৰ কাৰণে শিক্ষা ব্যনস্থাটো যিদৰে ক্ষতিগ্রস্ত হৈছে, সেয়া স্বাভাৱিক হ’বলৈ অনেক সময় প্রয়ােজন হ’ব বুলিয়ে বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

Exit mobile version