চিৰাঙত এবিএমছুৰ দুঘন্টীয়া অৱস্থা ধৰ্মঘট

ৰাষ্ট্ৰীয় ঘাইপথতে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসুচি

WhatsApp Image 2021 03 02 at 6.33.22 PM

চিৰাং জিলাৰ কাজলগাঁওত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচি। চিৰাং জিলা প্ৰশাসনে ছাত্ৰ সংগঠনটোৰ গণতান্ত্ৰিক পদ্ধতিৰ আন্দোলন কাৰ্য্যসুচিৰ অনুমতি প্ৰদান কৰাৰ পিচত পুনৰ অনুমতি বাতিল কৰাক লৈ চাঞ্চল্য ।

এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইচন হুচেইনে এই সন্দৰ্ভত কয় যে চিৰাং জিলা সমিতিয়ে এই সন্দৰ্ভত কয় যে আমি যোৱা ২২ ফেব্ৰুৱাৰীত আবেদন কৰি ২৬ তাৰিখ সন্ধীয়া অনুমতিপত্ৰ লাভ কৰিছিলো । আৰু সেই মতেই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচিলৈ আজি আহিছো ।

কাৰ্য্যসুচি ৰূপায়ণ কৰিবলগীয়া ঠাইলৈ আমাক যাব দিয়া নাই হঠাতেই অনুমতি বাতিল কৰা বুলি জানিব দিছে। সেয়ে আমি ৰাষ্ট্ৰীয় ঘাই পথতে কাৰ্য্যসুচি ৰূপায়ণ কৰিবলগীয়া হৈছে বুলি কয় সম্পাদক জনে।

এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইচলাম হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা,ভূমিহীন লোকক ভূমিপাট্টা দিয়া,গোষ্টী সংঘৰ্ষত ক্ষতিগ্ৰস্থ লোকক পুণৰ সংস্থাপন দিয়া আদি দাবীলৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰক দিয়াৰ এই আন্দোলন হঠাতেই অনুমতি বাতিল কৰাক লৈ জিলা প্ৰশাসনক ধিক্কাৰ জনায় ছাত্ৰ নেতা জনে।

তাৎক্ষনিক ভাৱে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ আৰু অসম চৰকাৰে গণতান্ত্ৰীক আন্দোলন কৰাৰ অনুমতি বাতিল কৰিছে বুলি কয়। বিটিচি প্ৰশাসন আৰু অসম চৰকাৰে যোৱা চাৰিটা বছৰে লাফিকুল হত্যাকাৰীক ওলুয়াব নোৱাৰিলে বাবে আজি এবিএমছুৰ গণতান্ত্ৰীক আন্দোলনক ভয় কৰিছে বুলি কয় সম্পাদক টাইচন হুচেইনে।

তেওঁ আৰু কয় যে ইউপিপিএল দলৰ দালাল শ্বহিদ লাফিকুল ইচলামৰ ভাতৃ মহিদুল ইচলাম আৰু আবু জুৱায়েৰ মণ্ডলে চিৰাং জিলা প্ৰশাসনক বিপথে পৰিচালিত কৰি এইদৰে গণতান্ত্ৰিক ব্যৱস্থাক নস্যাত কৰি অনুমতি বাতিল কৰা বুলি কয়। গতিকে বিজেপি আৰ এচ এচৰ ছত্ৰ ছায়াত চলা অসম চৰকাৰক অহা বিধান সভা নিৰ্ব্বাচনত অসম বাসীয়ে ব্ৰহ্ম পুত্ৰত দলিয়াই পেলাব বুলি কয় টাইচন হুচেইনে। চিৰাং জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কাৰ্য্যবাহি দণ্ডাধিশ পঠিয়াই প্ৰতিবাদ উঠাই লবলৈ কয়।

দণ্ডাধিশ জনৰ মন্তব্য নিৰ্ব্বাচনি আচৰণ বিধি বলবৎ থকাৰ বাবে অনুমতি বাতিল কৰা বুলি কিন্ত বাতিলৰ নিৰ্দেশনাত এই বিষয়ে কোনো উল্লেখ নাই। তাত স্পষ্ট ভাৱে আছে যে অভিযোগ থকাৰ বাবেই অনুমতি বাতিল কৰা হৈছে বুলি । বিধান সভা নিৰ্ব্বাচনৰ আগে আগে ইউপিপিএল দলে বিটিচিৰ সংখ্যা লঘু লোকক দমন নীতি প্ৰয়োগ কৰা বুলি কয় এবিএমছুৰ সভাপতি আশ্ৰাফুল ইচলামে। তেওঁ কয় যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি প্ৰশাসনক বিটিচি বাসীয়ে আগন্তক বিধান সভা নিৰ্ব্বাচনত ওফোৰাই পেলাব সেয়া নিশ্চিত । আজি জিলা প্ৰশাসনে অনুমতি দি পুনৰ সেয়া বাতিল কৰিলেও ছাত্ৰ সংগঠনটোৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰাষ্ট্ৰীয় ঘাই পথতে সফল ভাৱে ৰূপায়ণ কৰে।

Exit mobile version