বলিউডৰ আইটেম গাৰ্ল ৰাখি সাৱন্তৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ

10cae57b5624591fd646ff7d92538d77 202103172370

ৰাখি সাৱন্তৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ এজন লোকে।

ৰাখি সাৱন্ত আৰু তেওঁৰ ভ্ৰাতৃৰ বিৰুদ্ধে দিল্লীৰ বিকাশপুৰী আৰক্ষী থানাত ৰুজু কৰা হৈছে ছয় লাখ টকাৰ প্ৰতাৰণাৰ অভিযোগৰ গোচৰ।

শৈলেখ শ্ৰী বাস্তৱ নামৰ বলোকজনে অভিযোগ কৰে যে অনুসৰি ২০১৭ চনত ৰাখি সাৱন্তৰ ভাতৃ ৰাকেশ সাৱন্ত আৰু সম্প্ৰতি ৰাকেশৰ বন্ধু ৰাজ খাটিৰ নামৰ লোকজনৰ মাজত পৰিচয় ঘটে।

দুয়ো স্বঘোষিত গুৰু গুৰুমিত ৰাম ৰহিমৰ জীৱনৰ বিষয়ে এখন ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়।তদুপৰি দিল্লীৰ বিকাশপুৰীত এখন নৃত্যৰ বিদ্যালয়ও মুকলি কৰিব বুলি দুয়ো চুক্তিবদ্ধ হয়।

আনহাতে বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মী শৈলেখ শ্ৰী বাস্তৱৰ পৰা ৰাকেশ আৰু ৰাজে ছয় লাখ টকা ধাৰ লয় আৰু তেওঁলোকে ব্যৱসায়ত বিনিয়োগ শৈলেখক লাখ টকা ঘূৰাই দিব বুলি কথা দিছিল। পইচা লোৱা কিছুদিন পিছতে ৰাখিৰ ভাতৃ আৰু তেওঁৰ বন্ধু ৰাজক বাস্তৱে একাধিকবাৰ ফোন কৰে যদিও তেওঁলোকৰ পৰা কোনো উত্তৰ নাপালে ।তাৰ পাছতে এতিয়া শৈলেশ উপায়হীন হৈ দিল্লীৰ আৰক্ষীৰ কাষ চাপি আৰু ৰাখিকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বুলি সদৰি কৰিছে।

Exit mobile version