৩৫ বছৰীয়া এগৰাকী মহিলা মেগ টেইলৰ মৰিচন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত তেওঁ বাস কৰে। কিছু দিনৰ পূৰ্বে প্ৰেমিকৰ স’তে বিচ্ছেদ হৈছিল মেগ। কিন্তু তেওঁ হতাশাত ভাঙি পৰা নাছিল। হয়তো নিজৰ প্ৰতি তেওঁৰ প্ৰেম পৰীক্ষা কৰাৰ এটা সুযোগ পাইছিল। অৱশেষত এদিন মৰিচনে নিজেই নিজকে বিয়া কৰালে।
মৰিচনে কয় যে তেওঁ প্ৰেমৰ সম্পৰ্ক ভাঙি যোৱাত নিজকে আশ্বাস দিবলৈ প্ৰেমিকাৰ স্থান পূৰণ কৰিবলৈ এই কাম কৰা নাই। তেওঁ কয় যে ইয়াৰ দ্বাৰা তেওঁ নিজৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিছে।
যোগ বিবাহৰ পোছাক পৰিধান কৰিছিল আৰু অতিথিসকলকো আমন্ত্ৰণ কৰিছিল।বিয়াখনত তেওঁ বিয়াত প্ৰায় এক লাখ টকা খৰছ কৰা বুলি কয়। নিজৰ বিয়াৰ কেক নিজে কাটি বিবাহৰ স্মৃতিৰূপে হীৰাৰ আঙুঠিও পিন্ধিলে মেগে।