সাত মাহত সােণৰ মূল্য ১১,৫০০ টকা হ্রাস

Gold Price in India today August 241598268119930

সােণ-ৰূপৰ মূল্য হ্রাস অব্যাহত আছে। ধাৰাবাহিক মূল্য হ্রাসৰ পৰিণতিত বিগত সাত মাহত দেশত সােণৰ মূল্য ১১,৫০০ টকা হ্রাস পালে। যােৱা আগষ্টত প্রতি ১০ গ্রাম সােণৰ মূল্য আছিল ৫৬,২০০ টকা। যােৱা দুই মার্চত প্রতি ১০ গ্রাম সােণৰ মূল্য ৪৪,৭৬০ টকালৈ হ্রাস পালে।

ADVERTISEMENT

২০২১ বৰ্ষত আৰম্ভণিৰে পৰা সােণৰ মূল্য হ্রাস অব্যাহত আছে। পহিলা জানুৱাৰীৰ পৰা এতিয়ালৈকে সােণৰ মূল্য ৫,৫৪০ টকা হ্রাস পালে। সােণৰ তুলনাত ৰূপৰ মূল্য কিছু বৃদ্ধি পালে। যােৱা জানুৱাৰীত ৰূপৰ মূল্য ৬৬,৯৫০ টকা আছিল আৰু বর্তমানে ১১০০ টকা বৃদ্ধিৰে ৬৭,০৭৩ টকালৈ বৃদ্ধি পালে।

Exit mobile version