★ভাতত উপলব্ধ কাৰ্বহাইড্ৰেট শক্তিৰ প্ৰধান উৎস। দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বহাইড্ৰেট সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়। সৰল শৰ্কৰাই গ্লুক’জ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে আৰু গ্লুক’জৰ পৰিমাণ অধিক হ’লে চৰ্বি হিচাপে সঞ্চিত কৰে। কিন্তু পঁইতা ভাতৰ দ্বাৰা শৰীৰত অধিক কেলৰি অথবা চৰ্বি সঞ্চিত নহয়।
★ভাতক ১২ ঘন্টালৈ পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তাৰোপৰি লেক্টিক এচিড আৰু ভিটামিন-বি উৎপন্ন হয়। পানীত তিয়াই থোৱা ভাতত পটেছিয়াম আৰু আয়ৰণৰ মাত্ৰা দুগুণ হয়।
★বিজ্ঞানীসকলৰ মতে এশ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰণ থাকে। আনহাতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।
★উখুৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন বি-১২ৰ দ্বাৰা শৰীৰ শক্তিশালী হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়।
★মাতৃ দুগ্ধ শিশুৰ বাবে অতি উপযোগী । পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃ দুগ্ধ অধিক নিঃসৰণ কৰাত সহায়ক হয়।
★কোষ্ঠকাঠিন্য এবিধ মানৱ শৰীৰৰ গুৰুত্বৰ সমস্যা। তিনিদিনতকৈ অধিক সময় পেটত মল সঞ্চিত হৈ থাকিলে, উদৰ ৰোগ হোৱাটো নিশ্চিত। আনহাতে কোষ্ঠকাঠিন্যৰ দৰৱ ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া বা আন ৰাসায়নিক ক্ৰিয়াৰ ফলত বৃহদযন্ত্ৰত মলৰ গতি অনিয়মীয়া হৈ পৰে। এনে ক্ষেত্ৰত পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ পেটৰ আন সমস্যাও নিৰাময় কৰে ।
★পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন-বি আৰু আন মাইক্ৰ’-অৰ্গেনিজমবোৰৰ বাবে পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰো ক্ষমতা ৰক্ষা কৰে।
★পঁইতা ভাতে ছাল গঠনৰ প্ৰাথমিক প্ৰ’টিন ক’লাজন তৈয়াৰ কৰাত সহায় কৰে। ক’লাজনে ছালৰ সংকুচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে।
★পঁইতা ভাতে ভিটামিন-ই সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে।
★ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটেছিয়াম থাকে।অধিক পৰিমাণৰ পটেছিয়ামযুক্ত খাদ্যই শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।
★পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰ’বায়’টিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিন বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেন্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।