গৰমত সিজিব অসমকে ধৰি ভাৰতৰ অধিকাংশ

গ্ৰীষ্মত তাপমাত্ৰা স্বাভাৱিকতেই বেছি হোৱাৰ বতৰা দিলে বতৰ বিভাগে

907085 808355 heatwave 040219

ফেব্ৰুৱাৰীৰ শেষ ভাগৰ পৰাই গুৱাহাটীসহ অসমৰ অধিকাংশ অঞ্চলতে দিনৰ ভাগত গৰম পৰিবলৈ আৰম্ভ কৰিছে । দেশৰ বিভিন্ন স্থানতে ইতিমধ্যে গৰমৰ আভাস পোৱা গৈছে । ইয়াৰ মাজতে শংকাৰ বতৰা জনালে দিল্লীৰ মৌচম ভৱনে । অসমসহ দেশৰ অধিকাংশ অঞ্চলতে আগন্তুক গ্ৰীষ্মত তাপমাত্ৰা স্বাভাৱিকতকৈ কিছু বেছি থকাৰ সম্ভাৱনা আছে ।

বিগত কিছু বছৰ ধৰিয়ে গোলকীয় উষ্ণতাৰ ফলত গৰমৰ প্ৰকোপ পূৰ্বৰ তুলনাত বহুখিনি বাঢ়িছে । এইবাৰ যদি তাতোকৈ বেছি গৰম পৰে, মানুহৰ দুৰ্গতিৰ সীমা নোহোৱাটো নিশ্চিত বুলিয়ে আশংকা কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা কোৱা হৈছে যে গ্ৰীষ্মৰ এই গৰমৰ প্ৰকোপৰ পৰা মুক্ত হৈ থাকিব পাৰে কেৱল মধ্য আৰু দক্ষিণ ভাৰতহে ।

উত্তৰ, উত্তৰ-পূব, পূব আৰু পশ্চিম ভাৰতত এইবাৰ পূৰ্বৰ তুলনাত অতি বেছি গৰম পৰিব পাৰে । দিল্লীৰ মৌচম ভৱনৰ পূৰ্বাভাসত কোৱা হৈছে যে মাৰ্চৰ পৰা মে’ পৰ্যন্ত দিনৰ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতেই যথেষ্ট বেছি থাকিব পাৰে । দেশৰ অধিকাংশ অংশতে তাপমাত্ৰা বৃদ্ধি পোৱা দেখা যাব ।

চত্তিছগড়, গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত তাপমাত্ৰা যথেষ্ট বাঢ়িব বুলি কোৱা হৈছে । সেইদৰে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পূব আৰু পশ্চিম উত্তৰপ্ৰদেশ, চত্তিছগড়, ঝাৰখণ্ড, ওড়িছাত স্বাভাৱিকতাৰ পৰা ০.৫ ডিগ্ৰী পৰ্যন্ত বেছি তাপমাত্ৰা থাকিব পাৰে বুলি জনাইছে মৌচম বিভাগৰ বিষয়াই ।

বিগত জানুৱাৰীৰ তাপমাত্ৰা বিশ্লেষণ কৰি মৌচম ভৱনে জনাইছে যে শেষ ছটা দশকৰ হিচাপত দেশে এইবাৰ উষ্ণতম শীত দেখা পালে । মধ্য ভাৰতত শীতত গড় সৰ্বনিম্ন তাপমাত্ৰা আছিল ১.৮২ ডিগ্ৰী চেলচিয়াছ, যি বিগত ৩৮ বছৰৰ ভিতৰত অভিলেখ । ১৯০১-২০২১ৰ ভিতৰত উষ্ণতম বছৰ আছিল ১৯৫৮ । সেই বছৰ মধ্য ভাৰতত সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৫ ডিগ্ৰীৰ ওপৰত ।

Exit mobile version