ফিনলেণ্ডৰ কাইনু প্ৰদেশৰ এখন পৌৰ অঞ্চল ছুঅ’মুছালমি । এই অঞ্চলত সৰ্বমুঠ চাৰে সাত হেজাৰ লোকে বসবাস কৰে । ছুঅ’মুছালমিৰ এটা বিষয় এটি ৰহস্যজনক । এই অঞ্চলৰ পাঁচ নং হাইৱেৰ কাষত এখন ঠাই আছে য’ত আজীৱন থিয় হৈ থাকে শ শ ‘নিৰ্বাক মানুহ’ ! যাৰ মূৰটো ৰঙীন কাপোৰেৰে মেৰিওৱা । মুখখনো সঠিককৈ দেখা নাযায় । স্থিৰ হৈ থিয় হৈ থাকে তেওঁলোক !
কাঠৰ পুতলাৰ দৰে কিবা অপেক্ষাত পথৰ পিনে লক্ষ্য কৰি থাকে তেওঁলোকে । দিন-ৰাতিৰ ভ্ৰূক্ষেপ নাই । সূৰ্য অস্ত যোৱাৰ সময়ত সেই পথেৰে ৰোৱা বহুতেই শ শ মানুহ দেখি ভয় খাব পাৰে । কোন এইসকল ? মানুহৰূপী এই মূৰ্তিসমূহ আচলতে মানুহ নহয়, কাঠৰ পুতলা । এটা কাঠৰ লাঠিৰ ওপৰত নৰাৰে মানুহ সদৃশ সজোৱা হৈছে । ইয়াৰ ওপৰত ৰঙীন কাপোৰ পৰিধান কৰাই দিয়াৰ বাবে সম্পূৰ্ণ ‘মানুহ’ যেনেই লাগে ।
কোনো কাঠৰ পুতলাৰেই মুখ নাই । দূৰৈৰ পৰা যাতে ধৰিব পৰা নাযায় সেয়ে কাপোৰ মেৰিয়াই দিয়া হৈছে । কিন্তু কিয় এই কাঠৰ পুতলাবোৰ পথৰ পিনে মূৰ কৰি থোৱা হৈছে ? তেওঁলোকক কোনে আৰু কিয় এনেকৈ থৈ গৈছে ইয়াৰ সঠিক উত্তৰ কোনো নাজানে । বছৰত দুবাৰকৈ তেওঁলোকৰ পোছাক সলনি কৰা হয় ।
এই ‘নিৰ্বাক মানুহ’ক লৈ বহুতো প্ৰচলিত মতবাদ আছে । বহুতৰ মতে, তেওঁলোক প্ৰথমে অন্য স্থানত আছিল । পথাৰত সাধাৰণ কাঠৰ টুকুৰাৰ দৰেই পৰি আছিল । পৰৱৰ্তী সময়ত এই স্থানলৈ লৈ অহা হয় । লৈ অহা কাৰণক লৈও বিভিন্ন মতবাদ আছে । কিছুসংখ্যকৰ মতে, পূৰ্বে এই কাঠৰ টুকুৰাবোৰ হেলছিংকি চহৰৰ কাষৰ লাছিলা নামে অঞ্চলত আছিল । পাছত সেইবোৰ হেলছিংকি চেনেট স্কেৱৰলৈ লৈ যোৱা হয় ।
১৯৯৪ত এই কাঠৰ পুতলাবোৰক পাঁচ নং হাইৱেৰ কাষত লৈ অনা হয় । কিন্তু কোনে বা কিয় এইবোৰক অন্য স্থানলৈ লৈ গ’ল তাৰ কোনো শুংসূত্ৰ নাই । পথৰ কাষৰ এই ‘নিৰ্বাক মানুহ’বোৰৰ উপস্থিতি আজিও ৰহস্যজনক । বহুতৰ মতে, ইচ্ছাকৃতভাৱেই শিল্পীয়ে বিষয়টো ৰহস্যত ৰাখিব বিচাৰিছে । দৰ্শকে নিজেই পৃথক পৃথক যুক্তি দিয়াটোৱে শিল্পীয়ে বিচাৰে ।
বহু পথচাৰীয়ে ‘নিৰ্বাক মানুহ’বোৰৰ মুখমণ্ডলত কষ্টৰ চাপ দেখা পায় । তেওঁলোকৰ মতে, অতিতত ঘটি যোৱা কোনো দুঃস্মৃতিৰ প্ৰতীক তেওঁলোক । কিছুসংখ্যকৰ মতে আকৌ, যুদ্ধত শ্বহিদৰ স্মৰণৰ বাবে ৰাখি থোৱা হৈছে এই কাঠৰ পুতলাবোৰ । ১৯৩৯-১৯৪০ত ফিনলেণ্ড আৰু ছ’ভিয়েট ৰাছিয়াৰ মাজত যুদ্ধ হৈছিল । সেই যুদ্ধত প্ৰাণ হেৰুৱাইছিল বহু সৈনিকে । আজিও পথৰ পিনে চাই সকলো শ্বহিদৰ প্ৰতীক হৈ আছে তেওঁলোক ।