বিধায়ক ৰবিৰাম নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদানক লৈ উৎফুল্লিত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ভোটাৰ ৰাইজ

images

বিধানসভা নির্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। সেই ক্ষেত্রত পিছ পৰি ৰোৱা নাই বিপিএফ দলো। বিপিএফ দলে প্ৰকাশ কৰা তালিকাখনত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ নাম ওলোৱাত উৎফুল্লিত হৈ পৰিছে সমষ্টিৰ অধীন ভোটাৰ ৰাইজ । লগতে কংগ্রেছ, এআইইউডিএফ আদি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল।

বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধীনত থকা বিভিন্ন ৰাস্তা-ঘাট, দলং, চিকিৎসালয়ৰ উন্নয়নৰ লগতে বিভিন্ন ধৰণৰ আঁচনিৰ সমাগম ঘটাই সমষ্টিৰ আমুল পৰিৱৰ্তন অনাৰ বাবেই বিধায়ক ৰবিৰাম নাৰ্জাৰীক পুনৰ বাৰ বিধায়ক হিচাপে বাচনি কৰাৰ বাবে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক সমষ্টিবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

ইপিনে, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ ৰাজনৈতিক দলে কংগ্রেছ, এআইইউডিএফৰ মহাজোঁটবন্ধনত উপস্থিত হোৱাৰ পিছৰে পৰা সমষ্টিখনত এক উৎসাহজনক পৰিৱেশো দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে অসম বিধানসভাৰ ২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধীন ফকিৰাগ্রাম চহৰৰ আশে-পাশে থকা অঞ্চলসমূহৰ বিপিএফ, কংগ্ৰেছ, এআইইউডিএফ আদি ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ মাজত মহামিলনো ঘটা দেখিবলৈ পোৱা গৈছে।

ফকিৰাগ্রাম চহৰৰ চাহৰ দোকানসমূহত ৰাজনৈতিক দলীয় নেতাকর্মীসকলৰ লগতে অৰাজনৈতিক সংগঠনৰ একাংশ নেতাকৰ্মীয়ে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ কৰ্ম আৰু ৰাজনৈতিক বিচক্ষণতাক সলাগ লৈছে। সেয়ে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ জয় একপ্রকাৰ নিশ্চিত বুলি অনুমান কৰিব পাৰি।

বিধায়ক নাৰ্জাৰীৰ ৰাজনৈতিক পথাৰত পদাৰ্পণ কৰাৰ পূৰ্বেই যিহেতু ছাত্র সংগঠনকে ধৰি বিভিন্ন অৰাজনৈতিক সংগঠনৰ শ্ৰেষ্ঠ নেতা হিচাপে সৰ্বসাধাৰণ ৰাইজৰ মাজত সুকীয়া এটা পৰিচয় আছে, এই পৰিচয়ে ৰাজনৈতিক ক্ষেত্রখনত সমাজৰ উন্নয়ন কৰাত বহুতো অৰিহণা যোগাইছে বুলি সমাজ সচেতন মহলে মত প্ৰকাশ কৰিছে ।

Exit mobile version