বোকাজান মহকুমাত বনৰক্ষী, আৰক্ষীৰে চোৰাং কাঠ ব্যৱসায়ীৰ সংঘৰ্ষ

এজন চোৰাং কাঠ ব্যৱসায়ী নিহত

WhatsApp Image 2021 03 05 at 6.41.36 PM 1

বোকাজান মহকুমাৰ শিলনীজান বন সংমণ্ডলৰ এচিএফ প্ৰণৱ তেৰণৰ এক গোপন খবৰৰ ভিত্তিত কালি নিশা নামবৰ সংৰক্ষিত বনাঞ্চলত শিলনীজান বন সংমণ্ডলৰ বনৰক্ষী আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় ।

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় পাঁচ-ছয় কিলোমিটাৰৰ ভিতৰত নামবৰ সংৰক্ষিত বনাঞ্চলত এই অভিযানৰ সময়ত চোৰাং কাঠ ব্যৱসায়ীৰ এটা দলে মূল্যৱান চেগুণ গছৰ কুণ্ডা কাটি থকা বনৰক্ষী আৰু আৰক্ষীৰ দলটোৱে প্ৰত্যক্ষ কৰে। তেনে সময়তে চোৰাং কাঠ ব্যৱসায়ীৰ দলটোৱে বনৰক্ষী আৰু আৰক্ষীৰ দলটোলৈ বুলি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰত বনৰক্ষী আৰু আৰক্ষীৰ দলটোৱেও গুলীবৰ্ষণ কৰে। ফলত এজন চোৰাং কাঠ ব্যৱসায়ীৰ ঘটনাস্থলীতে নিহত হয়।

অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা চোৰাং কাঠ ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ কাষৰ পৰা এটা পিষ্টল, এটা খজা বন্দুক, তিনিজাই সক্ৰিয় গুলীৰ লগতে চোৰাং কাঠ ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা এএছ-০২-এচি-৫৫৮১ নম্বৰৰ এখন টাটা ডি-আই গাড়ীও জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে মৃত চোৰাং কাঠ ব্যৱসায়ীজনৰ লগত থকা আন চাৰি-পাঁচজন চোৰাং কাঠ ব্যৱসায়ীয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে অভিযানকাৰী দলটোৱে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত বৰপথাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৫১১/৩০৭/৩৪, আৰ/ডব্লিউ ১৭-এ/২৭/২৯/৫০ ৱাইল্ড প্ৰটেকশ্যন এক্ট, আৰ/ডব্লিউ-২৫ (১এ)২৫(১বি) (এ)২৭/৩৫ আৰ্মছ এক্টৰ অধীনত ১৮/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version